‘ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়’, পেগাছাছ কাণ্ডক লৈ সংসদীয় কমিটিৰ আলোচনাৰ আহ্বান শশী থাৰুৰৰ

Shashi Tharoor 696x392 1

পেগাছাছ কাণ্ডক লৈ তথ্যপ্ৰযুক্তি বিষয়ক স্থায়ী সংসদীয় কমিটিৰ বৈঠক আহ্বান কৰিলে কংগ্ৰেছ সাংসদ শশী থাৰুৰে । অহা ২৮ জুলাই বুধবাৰে বৈঠকৰ আহ্বান জনোৱা হৈছে । নাগৰিকৰ তথ্য সুৰক্ষা আৰু গোপনীয়তা সংক্ৰান্ত বিষয়ত আলোচনা কৰিব স্থায়ী কমিটিটোৱে । সূত্ৰ অনুসৰি, কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰণালয়, গৃহ মন্ত্ৰণালয়সহ সংশ্লিষ্ট মন্ত্ৰণালয়ৰ প্ৰতিনিধিসকলক বৈঠকত এই বিষয়ত মতামত জনাবলৈ দিয়া হ’ব ।

ইতিমধ্যে সমগ্ৰ দেশতে আলোড়নৰ সৃষ্টি কৰিছে পেগাছাছ কাণ্ড‌ই । কংগ্ৰেছ নেতা ৰাহুল গান্ধী, তৃণমূল সাংসদ অভিষেক বন্দ্যোপাধ্যায়, নিৰ্বাচন কুশলী প্ৰশান্ত কিশোৰসহ দেশৰ গুৰুত্বপূৰ্ণ ব্যক্তি আৰু বিৰোধী নেতাসকলৰ ফোন টেপ কৰাৰ অভিযোগত ৰাষ্ট্ৰীয় পৰ্যায়ত হৈ ছৈৰ সৃষ্টি হৈছে । মঙলবাৰেও পেগাছাছক লৈ উত্তাল হৈ পৰিছিল সংসদ ভৱন । ফোন টেপ কৰা কাণ্ডত চৰকাৰ জড়িত নাই বুলি দাবী কৰি কেন্দ্ৰীয় তথ্যপ্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, কোনো সাৰমৰ্ম নাই বিৰোধীসকলৰ অভিযোগত ।

পেগাছাছ কাণ্ডত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় জড়িত হৈ আছে বুলি দাবী কৰি সাংসদ থাৰুৰে কয়, ‘দেশৰ একাধিক ফোনৰ ফৰেন্সিক পৰীক্ষা কৰাৰ পাছত পেগাছাছ স্পাইৱেৰৰ অস্তিত্ব পোৱা গৈছে । যিহেতু এই স্পাইৱেৰ কেৱল দেশৰ চৰকাৰকেই বিক্ৰী কৰা হয়, সেয়ে প্ৰশ্ন উত্থাপন হৈছে কোন চৰকাৰ ? যদি ভাৰত চৰকাৰে একো নাই কৰা, তেন্তে অন্য চৰকাৰে এই কাম কৰিছে । যিহেতু, এই ঘটনাত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় জড়িত হৈ আছে ।’

Exit mobile version