ৰাস্তাৰ কাষত খাদ্য বিক্ৰী কৰিয়ে কোটি কোটি টকাৰ গৰাকী হৈছে তথাকথিত ক্ষুদ্র ব্যৱসায়ী : আয়কৰৰ তদন্ত

ঠেলাগাড়ীত পাণ-চিঙৰা বিক্ৰীৰে কানপুৰত ২৫৬ জন কোটিপতি

Screenshot 57

উত্তৰ প্রদেশৰ কানপুৰত বিগ ডেটা ছফটৱেৰ, আয়কৰ বিভাগ আৰু জি এছ টি পঞ্জীয়নৰ যৌথ তদন্তত প্রকাশ পালে এক চাঞ্চল্যকৰ তথ্য।

পথৰ কাষত ঠেলাগাড়ীত পাণ চিঙৰা, চাট আদিৰ দৰে মুখৰােচক খাদ্য বিক্ৰী কৰি কোটিপতি হ’ল ২৫৬ জন লােক। কেৱল এয়াই নহয়, ভঙা-টিনাৰ ব্যৱসায় কৰা লােকৰ হাততাে আছে তিনিখনকৈ বিলাসী গাড়ী আৰু কোটি কোটি টকাৰ সম্পত্তি।

কানপুৰৰ আয়কৰ বিভাগৰ তদন্তত এই চাঞ্চল্যকৰ তথ্য উন্মােচিত হ’ল। কেৱল ৰাস্তাৰ কাষত খাদ্য বিক্ৰী কৰিয়ে কোটি কোটি টকাৰ গৰাকী হৈছে। এইসকল তথাকথিত ক্ষুদ্র ব্যৱসায়ী।

পথৰ দাঁতিত ফল বিক্রী কৰা একাধিক ব্যৱসায়ীৰাে আছে শ শ বিঘাৰ কৃষিভূমি। দৈনিক হিন্দুস্তান’ত প্রকাশিত খবৰ অনুসৰি, পাণ, চাট, চিঙৰা আদি বিক্ৰী কৰা এইসকল ক্ষুদ্র ব্যৱসায়ীৰ আছে বৃহৎ পৰিমাণৰ সা-সম্পত্তি।

এইসকল ব্যৱসায়ীৰ তিনিখনকৈ গাড়ী আছে যদিও তেওঁলােকে এটকাও সামগ্ৰী আৰু সেৱাকৰ (জি এছ টি) আদায় দিয়া নাই। তদুপৰি আয়কৰ হিচাপেও কাহানিও পৰিশােধ কৰা নাই কোনাে কৰ।

দৰাচলতে কানপুৰত দৰিদ্ৰ সাজি কৰ ফাকি দিয়া ধনপতিৰ সন্ধানত আয়কৰ বিভাগে এক তদন্ত চলাইছিল আৰু এই তদন্তত কে’বাজনাে তথাকথিত ক্ষুদ্র ব্যৱসায়ীৰ প্রকৃত স্বৰূপ উন্মােচিত হ’ল।

কানপুৰত এনে ২৫৬ জন কোটিপতি ব্যৱসায়ী আছে, যিসকলে বিগত চাৰি বছৰত এটকাও জি এছ টি আদায় নিদিয়াকৈ ৩৭৫ কোটি টকাৰ সম্পত্তি ক্রয় কৰিছিল।

তদুপৰি এইসকল ব্যৱসায়ীয়ে ৩০ কোটি টকাৰ কিষাণ বিকাশ পত্র ক্রয় কৰাৰ লগতে গ্রামাঞ্চলত ৬৫০ বিঘা ভূমি ক্রয় কৰিছিল। দুজন ভঙা-টিনাৰ ব্যৱসায় কৰা লােকে কানপুৰত ১০ কোটি টকাৰ সম্পত্তি ক্রয় কৰাৰাে তথ্য আয়কৰৰ অনুসন্ধানত পােহৰলৈ আহিল। এই ঘটনাই যােগী আদিত্যনাথ শাসিত উত্তৰ প্ৰদেশত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে।

Exit mobile version