অলিম্পিকত নতুন বিতৰ্ক, আৰম্ভণিৰ আগতেই বৰ্খাস্ত উদ্বোধনী অনুষ্ঠানৰ প্ৰধান

methode times prod web bin 04ebe448 eab5 11eb 984b 57a44d13e8d6

বৰ্খাস্ত কৰা হ’ল টকিঅ’ অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰধানক । আয়োজকৰ তৰফৰ পৰা জনোৱা হৈছে যে, বহু পুৰণি এক কৌতুক চিত্ৰনাট্যৰ বাবে বৰ্খাস্ত কৰা হৈছে কেণ্টাৰ’ ক’বায়াছিক ।

উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে এটা পুৰণি ভিডিঅ’ ভাইৰেল হয় । ভিডিঅ’টোত কেণ্টাৰ’ক হত্যাকাণ্ডক লৈ কৌতুক কৰা দেখা যায় । ইয়াৰ পাছতে তেওঁক বৰ্খাস্ত কৰা হয় ।

টকিঅ’ অলিম্পিকৰ প্ৰধান ছেইক’ হাছিম’ট’ই কয়, ‘এটা পুৰণি ভিডিঅ’ পোহৰলৈ আহিছে । ভিডিঅ’টোত এটা দুখজনক ঘটনাত কৌতুক কৰা দেখা গৈছে কেণ্টাৰ’ক । আয়োজক কমিটিয়ে ক’বায়াছিক তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।’

ভিডিঅ’টো ১৯৯৮ৰ বুলি দাবী কৰা হৈছে । ভিডিঅ’টোত ক’বায়াছিয়ে কাগজৰ পুতলাক হত্যাকাণ্ডৰ সময়ৰ হিচাপে অভিহিত কৰি কয়, ‘ব’লা ধ্বংসলীলা খেলো’ ইয়াৰ পাছতেই দৰ্শকৰ হাঁহি । এই ঘটনাই জাপানৰ বহুতকে হতভম্ব কৰিছিল ।

পুৰণি ভিডিঅ’ৰ আধাৰত এনে ধৰণৰ সিদ্ধান্তক বহু লোকে সমৰ্থন নকৰে । ক্ষমা বিচাৰি কেণ্টাৰ’ই কয়, ‘১৯৯৮ৰ এটা ভিডিঅ’ত ম‌ই যি চিত্ৰনাট্য লিখিছিলো সেইটো ভুল আছিল । সেই ভুল ধৰণেৰে মানুহক হঁহোৱাবলৈ চেষ্টা কৰিছিলো ।’

জাপানত খুব পৰিচিত মুখ কেণ্টাৰ’ । তেৱেঁই প্ৰথম নহয় যিয়ে উদ্বোধন অনুষ্ঠানৰ পৰা বৰ্খাস্ত হৈছে । ইয়াৰ পূৰ্বে এজন সুৰকাৰকো বৰ্খাস্ত কৰা হয় । লগতে এজন সৃজনীশীল পৰিচালককো বৰ্খাস্ত কৰা ।

Exit mobile version