অশ্লীল ছবিত অভিনয়ৰ বাবে প্রলােভন দিছিল কুন্দ্রাই, অভিযােগ ইউটিউবাৰ পুনিত

puneet raj kundra

মডেল-অভিনেত্রী সাগৰিকা সােণা সুমনৰ পাছত অশ্লীল ছবি নির্মাণৰ অভিযােগত মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ব্যৱসায়ী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযােগ উত্থাপন কৰিলে ইউটিউবাৰ পুনিত কৌৰে।

সামাজিক মাধ্যমত এই প্ৰসংগত ইউটিউবাৰ তথা চিকিৎসা বিজ্ঞানৰ ছাত্ৰী পুনিতে কুন্দ্রাৰ স’তে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ কথা ব্যক্ত কৰি কয়,’ৰাজে মােক হটটছত অভিনয়ৰ বাবে প্রলােভন দিছিল।

ইণ্টাৰনেটৰ জৰিয়তে মােক তেওঁ প্রত্যক্ষভাৱে প্ৰস্তাৱ দিছিল। কিন্তু সেই সময়ত মই মুখ খােলা নাছিলাে কিয়নাে মই ভাবিছিলাে ৰাজৰ একাউন্ট কোনােবাই হেক কৰি মােলৈ এনে বার্তা প্ৰেৰণ কৰিছিল।

কিন্তু সংবাদ মাধ্যমত তেওঁক গ্রেপ্তাৰ কৰাৰ বাতৰি লাভৰ পাছত বুজিব পাৰিলাে যে সঁচাকৈয়ে ৰাজে পর্ণ ছবি নির্মাণ কৰিছিল। বিশ্বাস কৰিব পৰা নাই যে তেওঁ মােক সঁচাকৈয়ে প্রলােভন দিছিল।

এতিয়া তেওঁ জেলত পচি মৰক।’ মুম্বাই আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি হটশ্বটছ নামৰ এপৰ মাধ্যমৰে কুন্দ্রাই অশ্লীল ছবিৰ ব্যৱসায় চলাইছিল।

Exit mobile version