আৰক্ষীক ২৫ লাখ টকা উৎকোচ দিছিল ৰাজে ! নতুন অভিযোগ

Raj Kundra arrested

অশ্লীল ছবি নিৰ্মাণৰ গোচৰত গ্ৰেপ্তাৰৰ পৰা ৰেহাই পাবৰ বাবে আৰক্ষীক ২৫ লাখ টকাৰ উৎকোচ দিছিল ব্যৱসায়ী ৰাজ কুন্দ্ৰাই । চোৰাংচোৱাই তদন্ত কৰাত এই নতুন অভিযোগ উত্থাপিত হয় । দাবী কৰা হৈছে, মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাক এই ধন দিয়া হৈছিল । ৰাজৰ অন্ধেৰিৰ কাৰ্যালয়ত তালাচী অভিযান চলাইছে অপৰাধ দমন শাখাই ।

ৰাজ গ্ৰেপ্তাৰ হোৱাৰ পাছত অশ্লীল ছবি নিৰ্মাণ কাণ্ডৰ তদন্তত নামি মুম্বাইৰ অপৰাধ দমন শাখাই ইতিমধ্যে সাতটা বেংক একাউণ্ট বন্ধ কৰিছে । এই একাউণ্টবোৰত মুঠ চাৰে সাত কোটি টকা জমা আছিল । তদন্তত মধ্যপ্ৰদেশৰ যশ ঠাকুৰ নামে এজন ব্যক্তিৰ একাউণ্টত তিনি কোটি টকাৰ সন্ধান পোৱা গৈছে । সেই সূত্ৰেই ৰাজৰ ‘হটশ্বটছ’ এপৰ দৰেই ‘নিউফ্লিক্স’ নামৰ এপ্ লাভ কৰিছে তদন্তকাৰী দলটোৱে । কিন্তু যৱ সম্প্ৰতি ছিংগাপুৰত ।

বিগত মাৰ্চত অশ্লীল ছবি নিৰ্মাণ কাণ্ডৰ অভিযুক্ত যশ ঠাকুৰ (প্ৰকৃত নাম অৰবিন্দ শ্ৰীবাস্তৱ)ৰ সংস্থা ‘নিউফ্লিক্স’ৰ তৰফৰ পৰাই ৰাজৰ বিৰুদ্ধে উৎকোচ দি আৰক্ষীৰ মুখ বন্ধ কৰাৰ অভিযোগ কৰা হৈছিল । লগতে দাবী কৰা হৈছে যে, মুম্বাই আৰক্ষীৰ এক মধ্যস্থতাকাৰীয়ে যশৰ পৰাও সমপৰিমাণে উৎকোচ বিচাৰিছিল । এই সকলোখিনি ইমেইলৰ জৰিয়তে জনোৱা হয় দুৰ্নীতি দমন শাখাক (এচিবি) । এপ্ৰিলত এচিবি-য়ে এই মেলৰ বিষয়ে জনায় মুম্বাই আৰক্ষী প্ৰধানক । অৱশ্যে মুম্বাই আৰক্ষীয়ে এই বিষয়ত কোনো মন্তব্য কৰা নাই ।

Exit mobile version