দিনটোৰ ৰাশিফল

astrology

মেষ : পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্রা কৰােতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব। শুভ ৰং- কমলা।

বৃষ : সামাজিক সুনাম হানি হােৱাৰ আশংকা।ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনাে লােকে বিশ্বাসঘা কৰিব পাৰে। প্ৰেমত নতুন প্রস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা।

মিথুন : সাংস্কৃতিক কামত জড়িতসকল উপকৃত হ’ব। ব্যৱসায়-বাণিজ্য নতুন প্ৰেৰণা লাভ কৰিব। বিদ্যাত জটিলতা দেখা দিব। সৰু সুৰা ভ্রমণ আছে। শুভ ৰং বগা ।

কর্কট : আর্থিক বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব। প্ৰেমত বাধা। শুভ ৰং কমলা।

সিংহ : যান-বাহনৰ ব্যৱসায় কৰা সকলৰ অৰ্থ লাভৰ যােগ। পাৰিবাৰিক শুভ। প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা।

কন্যা : পাৰিবাৰিক দিশত কোনাে শুভ কার্য সম্পন্ন হােৱা সম্ভাৱনা আছে। ব্যৱসায়ত বেয়া দেখা নাযায়। বে-চৰকাৰী চাকৰিয়াল সকলে কর্মক্ষেত্র শুভত বাধা পাব পাৰে। শুভ ৰং বগা ।

তুলা : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্রা কৰিব পাৰে। আপােনাৰ শুভ ৰং সেউজীয়া। সহযােগী বন্ধুৰ পৰা আনন্দ পাব। শুভ ৰং বগা।

বৃশ্চিক : অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্রীৰ মাজত মতানৈক্য যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-চিতি যাত্রা কৰিব। শুভ ৰং গুলপীয়া।

ধনু : বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা।

মকৰ : এই সময়ত লেন-দেনৰ কামত জড়িত নথকাই ভাল। কৰ্মচাৰীসকলৰ বাবে বিশেষ শুভ। বিদ্যাত যােগ বাঢ়িব। প্ৰেমত সমস্যাৰ সন্মুখীন হ’ব শুভ ৰং ৰঙা।

কুম্ভ : ভাই-ভনীৰ পৰা সমাদৰ পাব। দিনটোত ধন কষ্ট পাব পাৰে। প্রেম সতর্ক হওক। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা। শুভ ৰং ৰঙা।

মীন : ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব। যাতাৰ বাবে শুভ ।ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব শুভ ৰং বগা ।

Exit mobile version