সংসদ অধিৱেশন চলাকালীন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰিব কৃষকসকলে

l53620210721131428

সংসদত বৰ্ষাকালীন অধিবেশন চলাকালীন প্ৰতিদিনে দিল্লীৰ যন্তৰ মন্তৰত নতুন কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী চলাই যাব আন্দোলনকাৰী কৃষকসকলে । প্ৰত্যেক দিনাই পুৱা ১১ বজাৰ পৰা সন্ধিয়া পাঁচ বজা পৰ্যন্ত । বুধবাৰে সংযুক্ত কিষান মোৰ্চাসহ একাধিক কৃষক সংগঠনৰ স’তে বহু পৰ্যায়ৰ বৈঠকৰ পাছত যন্তৰ মন্তৰত ক’ভিড বিধি অনুসৰণ কৰি শান্তিপূৰ্ণ বিক্ষোভৰ অনুমতি দিলে দিল্লী আৰক্ষীয়ে ।

সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কেন্দ্ৰক হুংকাৰ দি কৃষক নেতা ৰাকেশ টিকায়েটে কয়, ‘ছিংঘু সীমান্তৰ পৰা প্ৰায় দুশজন আন্দোলনকাৰী কৃষকে দিল্লীৰ যন্তৰ মন্তৰত যাব । বিগত আঠমাহ ধৰি আমি আন্দোলন কৰি আছো । নাজানো কিমানদিন চলিব । যিমান দিনেই চলক, শান্তিপূৰ্ণ আৰু সঠিক পদ্ধতিতেই আন্দোলন চলিব । কেন্দ্ৰ‌ই এই আইন আনিছে । কেন্দ্ৰ‌ই এই আইন প্ৰত্যাহাৰ কৰিব । হয়তো সময় লাগিব ।’

একেলগে সৰ্বাধিক দুশজন আন্দোলনকাৰী কৃষকক যন্তৰ মন্তৰত প্ৰৱেশ কৰাৰ অনুমতি দিছে দিল্লী আৰক্ষীয়ে । অৱশ্যে যিসকলৰ পৰিচয়পত্ৰ আছে, কেৱল তেওঁলোকেহে (কৃষকসকল) বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰিব । ছিংঘু সীমান্তটো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহ’বৰ বাবে নিৰাপত্তা কটকটীয়া কৰা হৈছে । যোৱা ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা ঘটনাৰ পাছত সতৰ্ক হৈছে দিল্লী আৰক্ষী ।

Exit mobile version