ৰাছিয়াৰ কামচাটকাত ‘মহৰ ঘূৰ্ণিবতাহ’ ! ভিডিঅ’ ভাইৰেল

2643859

বিভিন্ন ধৰণৰ ঘূৰ্ণিবতাহ দেখিছে, কিন্তু কেতিয়াবা মহৰ ঘূৰ্ণিবতাহ দেখিছেনে ? তেনে ধৰণৰে এক ঘূৰ্ণিবতাহৰ সাক্ষী হ’ল ৰাছিয়াৰ কামচাটকা ।

স্থায়ী বাসিন্দাসকলে প্ৰথমে ঘূৰ্ণিবতাহত পথৰ ধূলি উৰা বুলি ভাবিছিল । কিন্তু ভালকৈ লক্ষ্য কৰি দেখে যে, ধূলি নহয়, কোটি কোটি মহৰ পাক আকাশত । অন্যান্য টৰ্নেড’ৰ সদৃশ ।

অঞ্চলটোৰ আকাশৰ এটা বিশাল অংশ মহেৰে ঢাক খাই পৰিছিল । সেই ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত ।

আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, সম্প্ৰতি মহৰ প্ৰজননৰ বতৰ । সেয়ে মতা আৰু মাইকী মহবোৰে জাকে জাকে উৰা আৰম্ভ কৰে । ফলত দূৰৰ পৰা দেখাত টৰ্নেড’ৰ দৰে লাগে ।

Exit mobile version