কৰ’নাৰ ব্যাপক সংক্রমণ : পুনৰ সম্পূর্ণ তলাবন্ধ ঘােষণা কেৰালাত

image

চলিত সপ্তাহতে ঈদ উপলক্ষে কেৰালা চৰকাৰে তলাবন্ধ শিথিল কৰাৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ে কঠোৰভাৱে সমালােচনা কৰিছিল।

ADVERTISEMENT

ঈদৰ পাছতে আকৌ এবাৰ সম্পূর্ণ তলাবন্ধৰ সিদ্ধান্ত ল’লে দক্ষিণৰ এইখন ৰাজ্যই। অহা ২৪ আৰু ২৫ জুলাইত ৰাজ্যখনত সম্পূৰ্ণৰূপে তলাবন্ধ পালন কৰা হ’ব।

ইয়াৰ পূর্বেও যােৱা ১২ আৰু ১৩ জুনত এই ধৰণৰ তলাবন্ধ কার্যকৰী কৰিছিল পিনাৰাই বিজয়নৰ চৰকাৰে। অহা ২৩ জুলাইৰ পৰা কেৰালাত ক’ভিডৰ গণ নমুনা পৰীক্ষণ আৰম্ভ হ’ব আৰু ৰাজ্য চৰকাৰে দৈনিক চাৰিলাখ লােকৰ নমুনা পৰীক্ষা কৰিব।

দেশৰ ভিতৰতে সম্প্রতি সর্বাধিকসংখ্যক কৰ’না ৰােগী কেৰালাত চিনাক্ত হৈছে।

Exit mobile version