দিনটোৰ ৰাশিফল

astrology

মেষ : যােগাযােগত ব্যক্তিক্ৰমৰ মাজেৰে আনন্দ পাব। শৰীৰ মােটামুটি ভালেই যাব। বিদ্যাক্ষেত্ৰত শুভ ফল পাব পাৰে, কিন্তু কর্মক্ষেত্ৰত সৰু- সুৰা বাধা আহিব পাৰে। বিবাহৰ যােগাযােগত শুভ ফল পােৱাৰ সম্ভাৱনা।

বৃষ : ব্যয়বৃদ্ধিৰ কাৰকতা। ঘৰুৱা কোন কাৰণত মানসিক ক্লেশ থাকিব। বিদ্যাত পাৰিপাৰ্শ্বিক বাধা থাকিব পাৰে কর্মক্ষেত্ৰত মজলীয়া ফ পাব।বন্ধুৰ বিশ্বাস অর্জন। ব্যৱসায়ত শুভ।

মিথুন :নানা ক্লেশৰ মাজতাে আয় স্তিমিত নহ’ব। ব্যৱহাৰিকত আপােনাৰ ধৈর্য অটুট থাকিব। সন্তানৰ বাবে মধ্যম দিন। উদ্যোগী ব্যক্তিৰ আনন্দ লাভ। অন্যৱশ্যক কাৰণত অর্থ ব্যয় নকৰিব। প্রেমত বাধা।

কর্কট : ঘৰুৱা পৰিৱেশ প্রায় অনুকূল। ভাই-ভনীৰ বাবে আশাবাদী। বিদ্যাত খুব বেয়া নহ’ব। আয়বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। কর্মত নতুন সুযােগ পাব। চাকৰিত মধ্যম উন্নতি।

সিংহ: ব্যৱসায়ত মধ্যম উন্নতি। ৰাজনীতিবিদসকলে সাৱধানে চলক। বিদ্যাত খুব বেয়া নহ’ব। শাৰীৰিক অশান্তি সামান্য থাকিব। প্রেমপ্রীতিত বেছি আৱেগিক নহ’ব।

কন্যা :কর্মক্ষেত্ৰত সহকৰ্মীৰ সহায় পাব। দাম্পত্যত ভালেই দেখা যায়। আর্থিকত আয়ৰ তুলনাত ব্যয় বেছি হ’ব। সামাজিক ক্ষেত্ৰত মান- সন্মান বৃদ্ধি পাব। বায়ু মার্গে ভ্ৰমণৰ যােগ। বিদ্যাত শুভ।

তুলা :আর্থিক দিশত আয়-ব্যয় প্রায় সমান। বিদ্যাত যত্ন লােৱাৰ দৰকাৰ। উদ্বিগ্নতাই দেহৰ অশান্তি আনিব পাৰে। প্রেমত বন্ধুৰ সহায় পাব। দূৰ ভ্ৰমণ নকৰিব। নতুন সংবাদত আনন্দ।

বৃশ্চিক: কর্মক্ষেত্ৰত নেতৃস্থানীয় ব্যক্তিৰ প্ৰেৰণা লাভ। ব্যৱসায়িক যিকোনাে চুক্তি সম্পাদনৰ ক্ষেত্ৰত অনুকূল। মাতৃক শৰীৰ মধ্যম। আর্থিকত মধ্যম। পঢ়া-শুনাত অৱজ্ঞা নকৰিব।

ধনু : শৰীৰ বৰ উন্নত নাযাব পাৰে। আর্থিকত খৰচ বৃদ্ধি পাব। বিদ্যাত যত্ন লােৱাৰ আৱশ্যক। ব্যৱসায়ত কোন আৱেগক স্থান নিদিব। দাম্পত্যত চিন্তা থাকিব।

মকৰ : অনুকূল দিন। কর্মতৎপৰতা থাকিব। ভাবি-গুণী আগবাঢ়ক শুভ হ’ব। আর্থিক অগ্রগতিত বাধা নাপাব। শৰীৰ মধ্যম। বিবাহৰ কথাত আগবাঢ়িব পাৰে।

কুম্ভ :আর্থিক উন্নতিৰ যােগ সামান্য। খােৱা-বােৱাত সাৱধান থাকিব। ব্যৱসায়ত আয় বৃদ্ধিত বাধাপ্রাপ্ত হ’ব পাৰে। মাতৃৰ ভালেই। সন্তানৰ বাবে সামান্য দুশ্চিন্তা থাকিব।

 

মীন : বিদ্যাত শুভ। অতিপাত পৰিশ্ৰম নকৰিব। ঘৰুৱাত খুব বেয়া নহ’ব। প্রাপ্য ধন আদায়ৰ সুযােগ পাব। প্রেম প্রণয়ত বেয়া নহ’ব। ৰাজনীতিত সতর্কও হৈ চলক।

Exit mobile version