মূল্য বৃদ্ধি ৰোধৰ দাবীৰে তিনিচুকীয়াত তীব্ৰ প্ৰতিবাদ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ

WhatsApp Image 2021 07 23 at 2.34.13 PM

ইন্ধনজাত সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধৰ দাবী জনাই তিনিচুকীয়াৰ চিৰাপট্টিত মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া আছুৱে ।

জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সাব্যস্ত কৰা মানৱ শৃংখল কাৰ্যসূচীত ছাত্ৰ সংগঠনটোৰ শতাধিক সদস্যই অংশ গ্ৰহণ কৰি মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰক তীব্ৰ সকিয়নি প্ৰদান কৰে ।

ইফালে প্ৰতিবাদৰ জৰিয়তে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিত সা‍ঁৰ-পানী দিয়া ব্যৱসায়ী সকলকো তীব্ৰ সকিয়নি দিয়াৰ লগতে শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে তীব্ৰ আন্দোলনৰো হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ‌।

Exit mobile version