অসাৰ চীনৰ প্রতিষেধক, বয়ােজ্যেষ্ঠক কৰ’নাৰ পৰা সুৰক্ষা প্রদানত ব্যর্থ

Sinopharm COVID vaccines

চীনত তৈয়াৰী কৰ’নাৰ প্রতিষেধক নিম্নমানৰ হােৱাৰ একাধিক অভিযােগ উত্থাপিত হৈ আহিছে। বিশেষকৈ চীন’ফার্মৰ দ্বাৰা প্ৰস্তুত কৰা ক’ভিডৰ প্রতিষেধকে বয়ােজ্যেষ্ঠ নাগৰিকক ক’ভিডৰ সংক্ৰমণৰ পৰা সুৰক্ষা প্রদান কৰাত ব্যৰ্থ হৈছে।

হাংগেৰীত চীন’ফার্মাৰ প্রতিষেধক গ্ৰহণ কৰা ৪৫০ জন লােকৰ শৰীৰৰ ৰক্তৰ নমুনা সংগ্রহ কৰি দুসপ্তাহ পাছত চলােৱা এক অধ্যয়নত লাভ কৰা তথ্য অনুসৰি, ৫০ অনূর্ধ্ব বয়সৰ লােকৰ শৰীৰত এই প্রতিষেধকে ৯০ শতাংশ ‘এন্টিবডী’ তৈয়াৰ কৰিবলৈ সফল হৈছিল যদিও ৮০ বা ততােধিক বয়স মাত্র ৫০ শতাংশৰ শৰীৰতহে ‘এন্টিবডী’ সৃষ্টি হৈছিল।

হাংগেৰীৰ গৱেষকে দাবী কৰা অনুসৰি, চীন’ফাৰ্মৰ প্ৰতিষেধকে বয়ােজ্যেষ্ঠ নাগৰিকক ক’ভিডৰ পৰা সম্পূর্ণ সুৰক্ষা প্রদান কৰাত ব্যৰ্থ হৈছে।

Exit mobile version