আই চি এম আৰৰ অধ্যয়নৰ তথ্য : অব্যাহত থাকিব ডিচেম্বৰ পর্যন্ত, ডেল্টা প্রজাতিয়েই ব্যাপক ৰূপ ধাৰণ কৰাৰ আশংকা

আগষ্টতে কৰ'নাৰ তৃতীয় টো

covid 12 4

দেশত কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয়টো টৌ এতিয়াও বাহাল আছে। দ্বিতীয় ঢৌৰ সংক্রমণৰ মাজতে আগষ্টৰ অন্তিম ভাগত ভাৰতত ক’ভিডৰ সংক্ৰমণৰ তৃতীয় ঢৌৰ আশংকা প্রকাশ কৰিলে ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছাৰ্চ (আইচিএমআৰ)ৰ গৱেষকে।

অৱশ্যে প্রতিষ্ঠানটোৰ বিজ্ঞানীৰ ধাৰণা অনুসৰি, দ্বিতীয় ঢৌৰ দৰে ক’ভিডৰ তৃতীয়টো ঢৌ অধিক ভয়াৱহ নহ’ব পাৰে। কিন্তু বিজ্ঞানীৰ মতে, দেশবাসীয়ে কৰনাৰ তৃতীয়টো ঢৌৰ স’তে তুলনামূলকভাৱে অধিক দিন যুঁজ দিব লাগিব পাৰে।

আইচিএমআৰৰ এপিডেমিঅ’ল’জী এণ্ড কমিউনিকেবল ডিজিজৰ বিভাগীয় মুৰব্বী সমীৰণ পাণ্ডাই এই কথা প্রকাশ কৰি কয় যে আগষ্টৰ অন্তিমভাগত ভাৰতত কৰ’নাৰ তৃতীয়টো ঢৌ আৰম্ভ হ’ব পাৰে।

তদুপৰি এই টৌ বছৰৰ অন্তিমভাগলৈকে বাহাল থকাৰ শংকা আছে। অর্থাৎ ডিচেম্বৰ পর্যন্ত দেশবাসীয়ে কৰ’না।বিৰােধী সংগ্রাম অব্যাহত ৰাখিব লাগিব পাৰে। পাণ্ডাই কয়, ‘ক’ভিডৰ তৃতীয় টৌ কেতিয়া আৰম্ভ হ’ব বা কেতিয়ালৈকে ই বাহাল থাকিব, সকলাে বিষয়ত নির্দিষ্ট বৈজ্ঞানিক মডেলত একাধিক পৰিসংখ্যা বিশ্লেষণ কৰি আমি অধ্যয়ন চলাইছাে।

সেই অনুসৰি, আগষ্টৰ অন্তিমভাগত তৃতীয় ঢৌ আৰম্ভ হৈ ডিচেম্বৰ পর্যন্ত অব্যাহত থাকিব পাৰে। পাণ্ডাৰ মতে, দেশত কৰনাৰ দ্বিতীয়টো ঢৌ অন্ত পৰাৰ পূর্বেই সংক্ৰমণৰ তৃতীয়টো ঢৌ ব্যাপক হােৱাৰ শংকা আছে।

ক’ভিডৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ মাজৰ সময়ত দেশ আৰু ৰাজ্যত ক’ভিডৰ সংক্রমিতৰ সংখ্যা উল্লেখযােগ্য হাৰত হ্রাস পাইছিল; কিন্তু তৃতীয় ঢৌৰ আগমনৰ ক্ষেত্ৰত এনে পৰিস্থিতিৰ পুনৰ উদ্ভৱ নহ’ব পাৰে বুলি মত প্রকাশ কৰিলে আইচিএমআৰৰ গৱেষকে।

প্রতিষ্ঠানটোৰ বিজ্ঞানীৰ মতে, সংক্রমণৰ দ্বিতীয় ঢৌৰ গ্রাফ অবনমিত হােৱাৰ আগেয়ে ভাৰতত তৃতীয়টো ঢৌ আৰম্ভ হােৱাৰ যথেষ্ট সম্ভাৱনা প্ৰকট হৈছে। এই পর্যন্ত ভাৰতত ক’ভিড়ৰ ডেল্টা প্ৰজাতিৰ ব্যাপক সংক্রমণ অব্যাহত আছে।

পাণ্ডাৰ মতে, বিভিন্ন ৰাজ্যত সম্প্রতি অব্যাহত থকা ক’ভিড বিধি নিষেধ প্রত্যাহাৰ হ’লে সংক্রমিত সংখ্যা পুনৰ উর্ধ্বমুখী হ’ব পাৰে। যিহেতু দেশত এই পর্যন্ত ক’ভিডৰ অধিক ভয়াৱহ আৰু সংক্রমক প্রজাতি নতুনকৈ বিয়পি পৰাৰ কোনাে প্রমাণ লাভ কৰা হােৱা নাই, সেয়েহে ‘ডেল্টা’ প্রজাতিয়ে দেশত সংক্ৰমণৰ তৃতীয়টো ঢৌ সৃষ্টি কৰাৰ শংকা আছে ।

তেওঁ এইদৰে কয় ক’ভিডৰ ডেল্টা’ প্রজাতিয়ে ভাৰতত দ্বিতীয়টো ঢৌৰ সৃষ্টি কৰিছিল। যদিহে হঠাতে কৰ’নাই পুনৰ ৰূপ সলনি কৰি অধিক ভয়াৱহ হৈ উঠে তেন্তে এনে পৰিস্থিতিত ভাৰতত সংক্ৰমণৰ তৃতীয়টো টো জটিল হােৱাৰ শংকা আছে বুলি জানিবলৈ দি পাণ্ডাই কয়, “পৰিস্থিতি সলনি হলে ২০২২ মার্চ পর্যন্ত ভাৰতত ক’ভিডৰ সংক্ৰমণৰ তৃতীয়টো ঢৌ বৰ্তি থাকিব পাৰে।

Exit mobile version