ক’ভেক্সিনৰ পৰীক্ষণ বাতিল কৰিলে ব্ৰাজিলে, ভাৰত বায়’টেকৰ চুক্তি খাৰিজৰ পাছত এই সিদ্ধান্ত

COVAXIN vaccine by Bharath Biotech Bharath Biotech 1

ভাৰত বায়’টেকে ব্ৰাজিলৰ এক ঔষধ উৎপাদনকাৰী সংস্থাৰ স’তে চুক্তি বাতিল কৰাৰ পাছত দেশখনে ক’ভেক্সিনৰ পৰীক্ষণ বাতিল কৰে । ব্ৰাজিলৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এক বিবৃতিত জনোৱা হয়, ‘ভাৰত বায়’টেকে ব্ৰাজিলৰ স’তে চুক্তি খাৰিজ কৰাৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।’

ব্ৰাজিলৰ প্ৰেছিছা মেডিকামেণ্ট’ছ নামৰ এক ঔষধ উৎপাদনকাৰী সংস্থাক ক’ভেক্সিন ৰপ্তানি কৰাৰ কথা আছিল ভাৰত বায়’টেকৰ । কিন্তু শুকুৰবাৰে তেওঁলোকে এই চুক্তি খাৰিজ কৰে । অৱশ্যে কিয় চুক্তি খাৰিজ কৰা হৈছে তাৰ কোনো কাৰণ জনোৱা নাই ভাৰত বায়’টেকে ।

শুকুৰবাৰে ভাৰত বায়’টেকৰ তৰফৰ পৰা প্ৰকাশিত বিবৃতি অনুসৰি, ‘ভাৰত বায়’টেকে ব্ৰাজিলৰ সংস্থাৰ স’তে মেম’ৰেণ্ডাম অৱ আণ্ডাৰষ্টেণ্ডিং (এম‌অ’ইউ) চুক্তি বাতিল কৰিছে । ব্ৰাজিলৰ ড্ৰাগ ৰেগুলেটৰী বডী এনভিছা-ৰ স’তে কাম কৰিব ভাৰত বায়’টেকে । ব্ৰাজিলে যাতে ক’ভেক্সিন ব্যৱহাৰৰ অনুমতি দিয়ে তাৰ বাবে সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পন্ন কৰিব বিচাৰে কোম্পানীটোৱে ।’

কিছুদিন পূৰ্বেই ক’ভেক্সিনৰ চুক্তিক লৈ বিতৰ্ক আৰম্ভ হৈছিল ব্ৰাজিলত । ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰ’ৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হয় । ভাৰত বায়’টেকে দুই কোটি প্ৰতিষেধক প্ৰেৰণ কৰাৰ কথা আছিল, কিন্তু প্ৰেৰণ কৰা নাই বুলিও অভিযোগ উত্থাপন হয় । এই বিতৰ্কৰ পাছতে চুক্তি বাতিল কৰে ভাৰতৰ প্ৰতিষেধক উৎপাদনকাৰী সংস্থাই ।

Exit mobile version