দিনটোৰ ৰাশিফল

Horoscope Today June 03 2021 1

মেষ : আর্থিক দিশত অপ্রত্যাশিতভাৱে ধন লাভ হ’ব। যিকোনাে শুভ্র কর্মৰ পৰা বিৰত থাকক। হালধীয়া নতুবা ক্রীম ৰঙৰ কাপােৰ পৰিধান কৰক। শুভ সংখ্যা ১।

বৃষ : পুৱা-গধুলি শিৱৰ মন্ত্র জপ কৰিব। জপ কৰি সোঁহাতত ৰঙা সুতাৰে সাত পাক দি বান্ধিব। ৰঙা বস্ত্র পৰিধান কৰিব আৰু ৰঙা বস্তু খাব। পাৰিলে শিৱ মন্দিৰত চাকি জুলাব। শুভ সংখ্যা ৫।

মিথুন : ব্যৱসায়ত উন্নতিৰ কাৰকতা। শুভ কর্মত বাধা নাই। যাত্রা কৰিলে দুপৰীয়া ১২ বজাৰ পাছত কৰিব। ক’লা পাৰােপ ব্যৱহাৰৰ পৰা বিৰত থাকিব। প্ৰেমত শুভ। শুভ সংখ্যা ৭।

কর্কট : অর্থ প্রাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন হ’ব। বিদ্যার্থীসকলৰ শুভ। যাত্রা কৰিব পাৰে। যাত্রা কৰাৰ সময়ত গুলপীয়া কাপােৰ পৰিধান কৰিলে শুভ ফ লাভ কৰিব। শুভ সংখ্যা ৫।

সিংহ: কর্মক্ষেত্ৰত সাৱধান থাকিব, কাৰণ আপােনাৰ আজি দিনটো শুভ নহয়। বগা ৰং আপােনাৰ শুভ। গতিকে যাত্রা কৰােতে আৰু শুভ কাম কৰােতে বগা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৮।

কন্যা : আর্থিক দিশত স্বচ্ছলতা থাকিব। দূৰ সংবাদত আনন্দিত হ’ব পাৰে আপােনাৰ শুভ ৰং আকাশী নীলা। এই ৰঙে আপােনাৰ কৰ্মওত সফলতা আনিব। শুভ সংখ্যা ৯।

তুলা : আজি আপােনাৰ যাত্রা শুভ। যাত্রা কৰাৰ সময়ত কমলা ৰঙা কাপােৰ পিন্ধিব আৰু কমলা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। সন্ধিয়া পাঁচটাৰ পাছত শুভ কাম আৰু যাত্রা নকৰিব। শুভ সংখ্যা ২।

বৃশ্চিক: অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে। শুভ কাম আগত লৈ যাত্রা নকৰাই ভাল। আপােনাৰ শুভ ৰং মেৰুণ। মেৰুণ ৰং ব্যৱহাৰ কৰিব। প্রেমত শুভ। শুভ সংখ্যা ৪।

ধনু : কর্ম ক্ষেত্ৰত উন্নতিৰ যােগ আছে। আজি যাত্রা কৰিব বিচাৰিলে প্রথম যাত্ৰাটো পূব দিশে কৰিব। নীলা ৰঙৰ কাপােৰ পৰিধান কৰিব। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ সংখ্যা ২।

মকৰ : চাকৰি প্ৰাৰ্থীৰ কর্মসংস্থানৰ পথ প্রশস্ত হ’ব। আবেলি চাৰি বজাৰ পাছত যাত্রা নকৰিব। আপােনাৰ শুভ ৰং কমলা। কমলা ৰঙৰ কাপােৰ পিন্ধি পুৱা সূর্য দেৱতাক প্রণাম কৰিব। শুভ সংখ্যা ৯।

কুম্ভ :ব্যৱসায়ত আশানুৰূপ লাভৰ পৰা বঞ্চিত। চাকৰিয়ালৰ বাবে শুভ। শুভ বর্ণ বেঙুনীয়া। বেঙুনীয়া ৰঙৰ কাপােৰ পিন্ধি যাত্রা কৰক। সফল পাব। পুৱা-গধুলি শিৱৰ মন্ত্র জপ কৰিব। শুভ সংখ্যা ১।

 

মীন: আজি ভাবি-চিন্তি কামত অগ্ৰসৰ হ’ব। কর্মত বাধা আছে। আবেলি দুই বজাৰ পাছতহে যাত্রা কৰিব। যাত্ৰাৰ আগতে হাতত ক’লা সূতাৰে তিনি পাক দি বান্ধিব আৰু ক’লা বস্ত্র পৰিধান কৰিব। শুভ সংখ্যা ৫।

Exit mobile version