প্ৰকাশ পালে আইচিএছ‌ই দশম আৰু আইএছচি দ্বাদশ শ্ৰেণীৰ ফলাফল, উত্তীৰ্ণৰ হাৰ ৯৯ শতাংশৰ অধিক

cisce result 2021 at cisce.org 1627115316376 1627115323859

আইচিএছ‌ই দশম আৰু আইএছচি দ্বাদশ শ্ৰেণীৰ ফলাফল প্ৰকাশ কৰিলে চিআইএছচিই-য়ে (কাউন্সিল ফৰ দ্য ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট এগজামিনেছন) । অতিমাৰী পৰিস্থিতিত অন্তৱৰ্তী মূল্যায়ন পদ্ধতি অনুসৰিয়ে চলিত বৰ্ষৰ ফল ঘোষণা কৰা হয় ।

আইচিএছ‌ই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্তাৰ হাৰ ৯৯.৯৮ শতাংশ আৰু আইএছচি দ্বাদশৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৯৯.৭৬ শতাংশ । দিল্লীৰ এনচিআৰ (নেচনেল কেপিটেল ৰিজিয়ন) অঞ্চলত উত্তীৰ্ণৰ হাৰ এশ শতাংশ ।

পৰীক্ষাৰ্থীসকলে কাউন্সিলৰ ৱেবছাইট cisce.org বা results.cisce.org ৱেবছাইটত গৈ ফলাফল চাব পাৰিব । ইয়াৰ উপৰি শিক্ষাৰ্থীসকলে ০৯২৪৮-০৮২৮৮৩ এই নম্বৰত আইচিএছ‌ই অথবা আইএছচি লিখি তাৰ পাছত ইউনিক আইডি দি নিজৰ ফলাফল জানিব পাৰিব ।

ফলাফল ঘোষণা হ’লেও অতিমাৰী বৰ্ষত কোনো মেধা তালিকা প্ৰকাশ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিআইএছচিই-য়ে । ব’ৰ্ডৰ সম্পাদকে জনায়, যিহেতু এইবাৰ অন্তৱৰ্তী মূল্যায়ন পদ্ধতি অনুসৰি শিক্ষাৰ্থীসকলক নম্বৰ দিয়া হৈছে, সেয়ে উত্তৰ পত্ৰ‌ও প্ৰকাশ কৰা নহয় । লগতে জনায় যে, যদি কোনো শিক্ষাৰ্থীৰ প্ৰাপ্ত নম্বৰক লৈ আপত্তি থাকে, তেন্তে তেওঁ সেই বিষয়ে উল্লেখ কৰি বিদ্যালয় কৰ্তৃপক্ষক আবেদন কৰিব পাৰিব ।

Exit mobile version