অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে বাঘজানৰ ৰাইজে ক্ষতিপূৰণ প্ৰদানৰ দাবীত কৰা অৱৰোধ কাৰ্যসূচীত স্থানীয় ৰাইজৰ স’তে আৰক্ষীৰ এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
ADVERTISEMENT
অৱৰোধস্থলীত ৰবৰ বুলেট, কন্দোৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচাৰ্জ কৰে আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীয়ে । ফলত কে’বাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা হেতুকে ক্ৰমে ৰন্তু মৰাণ (২০), বৰ্ণালী মৰাণ (৩৫), কেহুধৰ হাজৰিকা (৩৬), ধনেশ্বৰ বৰা (৪২), বিনোদ মৰাণ (৪০), প্ৰকাশ হাজৰিকা (২৬)ক তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷
ইফালে, বাঘজানত বৰ্তমানো আৰক্ষী, সেনা বাহিনী আৰু অৰ্ধসামৰিক বাহিনীয়ে ঘেৰাও কৰি ৰখাৰ লগতে খেদি পঠিয়ায় প্ৰতিবাদকাৰীসকলক ৷