আগষ্টত ভাৰতত পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা

কৰ'নাৰ বাবেই স্থবিৰ হৈছিল উৎপাদন ক্ষমণা : ক্ৰেতা দেশৰ চাহিদা পূৰণৰ লক্ষ্য

petrol diesel prices hiked again scale new highs

খাৰুৱা তেলৰ লেকামহীন মূল্যবৃদ্ধিয়ে দেশৰ জনতাৰ মূৰত ৰামটাঙোন মাৰিছে । বিগত এবছৰ ধৰি দৈনিক প‌ইচাৰ হিচাপত প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হৈ এতিয়া শতক পাৰ হৈছে । সম্প্ৰতি প্ৰায় দেশৰ সকলো ৰাজ্যতে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য এশ টকাৰ ওপৰত । একেদৰে শতক স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে ডিজেলো ।

ইফালে, বৃদ্ধি হৈছে ৰন্ধন গেছৰ দামোঙ্গ কৰ’না সন্ত্ৰাসৰ মাজতে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জনতাৰ দৈনন্দিন বাজেটত আউল লগোৱাৰ সময়তে খাৰুৱা তেলৰ বৰ্দ্ধিত মূল্য‌ই অতিৰিক্ত বোজা দিছে সৰ্বসাধাৰণক । কিন্তু বিদেশৰ পৰা অহা এটা শেহতীয়া খবৰে জনসাধাৰণক সামান্য সকাহ দিয়াৰ আভাস পোৱা গৈছে । যদি সকলো ঠিকে থাকে হয় তেনেহ’লে ভাৰতত খাৰুৱা তেলৰ মূল্য অহা আগষ্টত হ্ৰাস পোৱাৰ এক ইংগিত পোৱা গৈছে ।

উল্লেখ্য যে খাৰুৱা তেল উৎপাদন কৰা পাঁচখন দেশে অলপতে একত্ৰিত হৈ বৰ্তমানতকৈ দুগুণ তেল উৎপাদন কৰাত সহমতত উপনীত হৈছে । ৰাষ্ট্ৰ পাঁচখন হ’ল ইৰাক, ছৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহি, কুৱেট আৰু ৰাছিয়া । বিশ্বত খাৰুৱা তেলৰ চাহিদা বৃদ্ধি পোৱা আৰু সেয়া পূৰ্ণ কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি পাঁচ ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে জনাইছে ।

উল্লেখ্য যে যোৱা বছৰ বিশ্বত কৰ’না অতিমাৰী আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিকভাৱে  খাৰুৱা তেল উৎপাদন আৰু দেশসমূহে যি পৰিমাণত তেল উৎপাদন কৰিছিল সেয়া পৰিস্থিতিৰ বাবে হ্ৰাস কৰিবলৈ বাধ্য হয় । তলাবন্ধৰ বাবে খাৰুৱা তেলৰ চাহিদা কমি যোৱাত তথা তেল খাদত শ্ৰমিকৰ সংখ্যাও অৰ্ধেক কৰাত তেল উৎপাদন স্থিতাৱস্থাৰ পৰা অৱনমিত হয় । কিন্তু এতিয়া বিশ্বত পুনৰ স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে আৰু তেলৰ চাহিদাও পূৰ্বৰ দৰেই হৈছে ।

অথচ চাহিদা অনুসৰি মূল উৎসত উৎপাদন কৰা হোৱা নাই খাৰুৱা তেল । যাৰ বাবে দৈনিক মূল্যবৃদ্ধি হৈছে পেট্ৰ’ল-ডিজেলৰ । ক্ৰেতা দেশৰ চাহিদা পূৰণ কৰাৰ বাবেই পাঁচ ৰাষ্ট্ৰ‌ই মিলিত হৈ বৰ্তমানতকৈ দুগুণ খাৰুৱা তেল উৎপাদন কৰাৰ বাবে ব্যৱস্থা হাতত লৈছে ।

উল্লেখ্য যে খাৰুৱা তেলৰ উৎপাদন বৃদ্ধি হ’লে স্বাভাবিকতে দামো বৰ্তমানতকৈ হ্ৰাস পাব । ভাৰতত সম্প্ৰতি তেলৰ মূল্য নিৰ্ধাৰণ হয় আন্তৰ্জাতিক বজাৰৰ স্থিতিৰ ওপৰত । অৰ্থাৎ ভাৰতে যিখন দেশৰ পৰা খাৰুৱা তেল ক্ৰয় কৰে তাত মূল্যবৃদ্ধি মানে ভাৰততো বৃদ্ধি হয় পেট্ৰ’ল-ডিজেলৰ মূল্য । আনহাতে, উৎপাদনস্থলীত তেলৰ মূল্য হ্ৰাস পালে ভাৰতত হ্ৰাস পাব পেট্ৰ’লজাত সামগ্ৰীৰ ।

ইৰাক, ছৌদি আৰৱ, সংযুক্ত আৰৱ আমিৰশ্বাহি, কুৱেট আৰু ৰাছিয়াৰ যৌথ সিদ্ধান্ত‌ই ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰিব বুলি অনুমান কৰা হৈছে । অহা আগষ্টত ভাৰতীয় বজাৰত ইয়াৰ সুপ্ৰভাৱ পৰাৰ আশা কৰা হৈছে ।

উল্লেখ্য যে পেট্ৰ’ল-ডিজেল এতিয়াও জিএছটিৰ (পণ্য আৰু সেৱা) অধীনত নাই । সেয়ে ভাৰতৰ প্ৰতিখন ৰাজ্যত ইয়াৰ মূল্য ভিন ভিন । কৰ’নাৰ সময়ত ৰাজ্যসমূহে দুৰ্যোগ নিৰাময়ৰ বাবে অতিৰিক্ত কৰে আৰোপ কৰিছিল পেট্ৰ’ল-ডিজেলত । এতিয়া যিহেতু পৰিৱেশ উন্নত গতিকে ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলৰ অতিৰিক্ত কৰে উঠাই দি জনতাক সামান ‌সকাহ দিয়াৰ পদক্ষেপ ল’ব পাৰে ।

Exit mobile version