দেশৰ মনৰ কথা বুজিলে এই অৱস্থা নহ’ল হয়, টিকাকৰণৰ গতিক লৈ মোদীক কটাক্ষ ৰাহুলৰ

Rahul Gandhi Narendra Modi PTI12

দেশত টিকাকৰণৰ গতিক লৈ মোদী চৰকাৰক লক্ষ্য কৰিলে ৰাহুল গান্ধীয়ে। প্ৰধানমন্ত্ৰীৰ মাহেকীয়া ৰেডিঅ’ বাৰ্তা ‘মন কি বাত’ ক টানি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয়, ‘দেশৰ মনৰ কথা বুজিলে টিকাকৰণৰ এই অৱস্থা নহলহেতেন।

দেওবাৰে টুইটাৰত ৰাহুলে গান্ধীয়ে লিখিছে, ‘যদি আপুনি দেশৰ মনৰ কথা বুজি পাইছে, তেন্তে টিকাকৰণৰ এই অৱস্থা নহ’লহেঁতেন। লগতে হেছটেগ দি লিখে #WhereAreVaccines ।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতিজনে এটা ভিডিঅ’ টুইট কৰিছিল। তাত কোৱা হয় যে কেন্দ্ৰই ডিচেম্বৰৰ ভিতৰত দেশৰ জনসংখ্যাৰ ৬০ শতাংশক টিকাকৰণ কৰাৰ লক্ষ্য ৰাখিছে। এনে কৰিবলৈ, প্ৰতিদিনে ৯৩ লাখ ভেকছিন দিব লাগিব। কিন্তু যোৱা সাত দিনত দৈনিক ৩৬ লাখ ভেকছিন দিয়া হৈছে। পাৰ্থক্য টো হৈছে ৫৬ লাখ।

বিৰোধীয়ে টিকাকৰণক লৈ মোদী চৰকাৰক লক্ষ্য কৰি আহিছে।যোৱা ২০ জুলাইত ৰাজ্যসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীক তৃণমূলৰ ডেৰেক অ’ব্ৰায়েনে সুধিছিল, ‘২০২১ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত দেশৰ কিমান জন লোকক দুটা পালিৰ টিকাকৰণ কৰা হ’ব ?

কাৰণ ই এতিয়াও পাঁচ শতাংশৰ তলত আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱীয়ে উত্তৰ দিছিল, “আমি যিমান সম্ভৱ সোনকালে দেশৰ সকলো নাগৰিকক দিবলৈ চেষ্টা কৰি আছো। দ্বিতীয় পালিটোও আৰম্ভ হৈছে। টিকাৰ উৎপাদন বৃদ্ধি পাইছে ।’

ডেৰেকে আপত্তি কৰে, ‘এইটো উত্তৰ হ’ব নোৱাৰে। তৃণমূলৰ সাংসদসকলে তেতিয়া ৰাজ্যসভাৰ অধিৱেশন কোঠাৰ পৰা ওলাই গৈছিল ।

Exit mobile version