অশ্লীল ছবি নিৰ্মাণৰ অভিযোগত শিল্পা শ্বেট্টীৰ ফোন ক্ল’ন কৰিব মুম্বাই আৰক্ষীয়ে

raj kundra 1572421304

অশ্লীল ছবি নিৰ্মাণ কৰাৰ অভিযোগত পুনৰ আৰক্ষীয়ে জেৰা কৰিব পাৰে অভিনেত্ৰী শিল্পা শ্বেট্টীক । মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাৰ সূত্ৰ অনুসৰি, ৰাজ কুন্দ্ৰাৰ পত্নীৰ ফোন ক্ল’নিং কৰাৰ প্ৰস্তুতি কৰা হৈছে । ইয়াৰ পাছতেই দ্বিতীয়বাৰ সোধ-পোচ কৰিবৰ বাবে তেওঁক তলব কৰিব পাৰে মুম্বাই আৰক্ষীয়ে ।

অৰ্থাৎ, শিল্পাৰ ফোনৰ সকলো তথ্য লাভ কৰিব তদন্তকাৰীসকলে । লগতে শিল্পাৰ ফোনত কিবা গোপন নথি আছে নেকি বা তেওঁৰ ফোনৰ পৰা বিগত কেইমাহত কি কি তথ্য মচি পেলোৱা হৈছে, তাৰ তদন্ত কৰিব চোৰাংচোৱাই । অৰ্থাৎ, চোৰাংচোৱাই কেৱল ৰাজকেই নহয়, শিল্পাকো যে সহজে এৰিব বিচৰা নাই, সেয়া একপ্ৰকাৰ স্পষ্ট ।

যোৱা শুকুৰবাৰে শিল্পাক ছয় ঘণ্টা জেৰা কৰে আৰক্ষীয়ে । ৰাজৰ এপ্ ‘হটশ্বটছ’ত কেনেধৰণৰ ভিডিঅ’ প্ৰকাশ পায় সেই বিষয়ে অৱগত নহয় বুলিয়ে জনাইছিল শিল্পাই । তেওঁ জনায় যে, এপ্‌টোৰ স’তে তেওঁৰ কোনো সম্পৰ্ক নাই । লগতে নিজৰ স্বামীৰ পক্ষত তেওঁ যুক্তি দিছিল যে, যৌন উদ্দিপক ছবি আৰু অশ্লীল ছবিৰ মাজত পাৰ্থক্য আছে । তেওঁৰ দাবী ৰাজে অশ্লীল ছবি নিৰ্মাণ নকৰে । মুম্বাই আৰক্ষীয়ে জনায়, শিল্পাই শুকুৰবাৰে তেওঁৰ স্বামীক নিৰ্দোষী সাব্যস্ত কৰে ।

ৰাজ গ্ৰেপ্তাৰ হোৱাৰ পাছত ইতিমধ্যে ৰাজ আৰু শিল্পাৰ গৃহত দুবাৰ তালাচী চলায় মুম্বাই আৰক্ষীৰ অপৰাধ দমন শাখাই । ৰাজো বিষয়াসকলৰ স’তে উপস্থিত আছিল । এই অভিযানত এটা গোপ্ত আলমাৰীৰ সন্ধান পায় অপৰাধ দমন শাখাই । য’ত কেইখনমান নতুন চিত্ৰনাট্য পোৱা গৈছে ।

তদন্তকাৰীসকলৰ দাবী, তাৰকা দম্পত্তীহালৰ গৃহৰ পৰা কে’বাখনো ফটো আৰু ভিডিঅ’ উদ্ধাৰ কৰা হৈছে । তেওঁলোকৰ সন্দেহ, ৰাজ ধৰা পৰাৰ পাছতো তেওঁলোকৰ সংস্থাই অশ্লীল ছবি নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিল ।

Exit mobile version