আৰক্ষীৰ জেৰাত অংশ ল’বলৈ অস্বীকাৰ গহনাৰ

rajexpress 2021 06 9dda0b4a c2ff 44ef ac82

বলিউডৰ পৰ্ণগ্রাফীৰ ওচৰত সােধাপপাছা কৰাৰ বাবে মুম্বাই আৰক্ষীয়ে মডেল-অভিনেত্রী গহনা বশিষ্ঠক চমন দিছিল। কিন্তু গহনাই আৰক্ষীৰ জেৰাত অংশ ল’বলৈ অস্বীকাৰ কৰি কয় যে এই মুহূর্তত তেওঁ মুম্বাইৰ বাহিৰত আছে আৰু সেয়েহে আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব নােৱাৰিব।

অৱশ্যে মডেল-অভিনেত্রীগৰাকীয়ে আশ্বাস দি কয় যে উত্থাপিত অভিযােগৰ সন্দৰ্ভত তদন্তত তেওঁ আৰক্ষীক সম্পূর্ণ সমর্থন আগবঢ়াব। অলপতে মুম্বাই আৰক্ষীৰ অপৰাধ নিয়ন্ত্রণ বিভাগে অভিনেত্রী গহনাসহ তিনিজন লােকলৈ চমন জাৰি কৰিছিল।

ব্যৱসায়ী ৰাজ কুন্দ্রাৰ বিৰুদ্ধে উত্থাপিত অশ্লীল ছবি নির্মাণ আৰু প্ৰচাৰৰ গােচৰৰ তদন্তত ভাষ্য গ্রহণৰ বাবে গহনালৈ আৰক্ষীয়ে চমন জাৰি কৰিছিল। গহনাই সামাজিক মাধ্যমৰ জৰিয়তে এই গােচৰত অভিযুক্ত কুন্দ্রাক ৰক্ষণাবেক্ষণৰ চেষ্টা চলাই আহিছে।

Exit mobile version