কৃষি আইনৰ বিৰোধিতাত দিল্লীৰ ৰাজপথত ট্ৰেক্টৰ চলালে ৰাহুল গান্ধীয়ে

rahul gandhi

কৃষক আন্দোলনক সংসদ পৰ্যন্ত নিলে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে । সংসদৰ বৰ্ষাকালীন অধিবেশনত যোগ দিবৰ বাবে সোমবাৰে ট্ৰেক্টৰ চলাই সাংসদলৈ গ’ল সাংসদ ৰাহুল । তেওঁ কয়, ‘কৃষকসকলৰ অধিকাৰ হস্তক্ষেপ কৰি কেইজনমান উদ্যোগপতিৰ পকেট ভৰাব বিচাৰিছে চৰকাৰে । কৃষক স্বাৰ্থ বিৰোধী ক’লা আইন প্ৰত্যাহাৰ কৰিব লাগিব কেন্দ্ৰ‌ই ।’

বিতৰ্কিত তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে কৃষকসকলে । সোমবাৰৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত ধৰ্ণা দিছে মহিলাসকলে । ইপিনে, সংযুক্ত কিষান মোৰ্চাসহ একাধিক সংগঠনৰ নেতৃত্বত দিল্লী সীমান্তত প্ৰতিবাদ চলি আছে । এনে পৰিস্থিতিতে কৃষি আইনৰ বিৰোধিতাক সংসদত নিলে সাংসদ ৰাহুলে ।

সোমবাৰে তেওঁ দলৰ সমৰ্থকসকলক লগত লৈ ট্ৰেক্টৰ চলাই সংসদ ভৱনৰ দিশে ৰাওনা হয় । ট্ৰেক্টৰত লগোৱা বেনাৰত বৃহৎ হৰফেৰে লিখা হয়, ‘কৃষক বিৰোধী তিনি কৃষি আইন প্ৰত্যাহাৰ কৰক ।’ সংসদ ভৱনৰ সন্মুখত উপস্থিত হৈ কয়, ‘সংসদত কৃষি আইনৰ সন্দৰ্ভত আলোচনা কৰিব দিয়া নহয় । চৰকাৰে কৃষকসকলক দমন কৰি আছে । সেয়ে কৃষকসকলৰ বাৰ্তা সংসদত উপস্থাপন কৰিবৰ বাবে ম‌ই আহিছো । ক’লা আইন চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব ।’

প্ৰায় এবছৰ ধৰি কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰি আছে কৃষকসকলে । বহুদিন ধৰি ধৰ্ণা দিয়াৰ পাছতো সমাধান নোলোৱাত আত্মহত্যাও কৰিছে বহুতে । আন্দোলন চলাকালীন বহু লোকৰ মৃত্যুও হৈছে । তেওঁলোকৰ হাতত সৰ্বমুঠ ৫৩৭ জন কৃষকৰ মৃত্যুৰ ৰেকৰ্ড আছে বুলি জনায় সংযুক্ত কিষান মোৰ্চাই । কিন্তু সম্প্ৰতি এই সন্দৰ্ভত সংসদত প্ৰশ্ন উত্থাপন কৰিলে কেন্দ্ৰই জনায় যে, কৃষক মৃত্যু সম্পৰ্কে কোনো তথ্য নাই ।

এই সন্দৰ্ভত সাংসদ ৰাহুলে কয়, ‘চৰকাৰেটো এইটোও কৈছে, কোনো কৃষক অসন্তুষ্ট নহয় । সকলো সুখী । যিসকলে আন্দোলন কৰিছে, তেওঁলোক সকলো সন্ত্ৰাসবাদী । কাৰ বাবে এই চৰকাৰে কাম কৰিছে, সেয়া কোনো জানিব বাকী নাই ।’

Exit mobile version