বাণিজ্যিক মহাকাশ যানৰে মহাকাশ ভ্রমণ কৰিলেও দুই অৰ্বুদপতি মহাকাশচাৰীৰ স্বীকৃতিৰ পৰা বঞ্চিত

আমেৰিকাৰ দৃষ্টিত মহাকাশচাৰী নহয় বেজ’ছ-ব্রেনছন, কিন্তু কিয় ?

bezos branson space 01

মহাকাশ ভ্ৰমণ কৰি এই বিশ্বত নিজকে মহাকাশচাৰী হিচাপে পৰিচিত কৰিব বিচৰা এমেজনৰ প্ৰতিষ্ঠাপক জেফ বেজ’ছ আৰু ব্যৱসায়ী ৰিচার্ড ব্রেনছনক প্রকৃতাৰ্থত মহাকাশচাৰীৰ স্বীকৃতি দিব বিচৰা নাই আমেৰিকাই।

মার্কিন চৰকাৰে প্রকাশ কৰা অনুসৰি, এই দুজন অৰ্বুদপতিয়ে সফলতাৰে মহাকাশ ভ্রমণ সম্পন্ন কৰিলে যদিও তেওঁলােকক প্রচলিত নিয়ম অনুসৰি মহাকাশচাৰী বুলি অভিহিত কৰিব পৰা নাযাব।

দৰাচলতে আমেৰিকাই ‘মহাকাশচাৰী’ৰ সংজ্ঞা পূর্বতকৈ যথেষ্ট কঠোৰ কৰিলে। এনে সংজ্ঞাৰ ফলত বেজ’ছ আৰু ব্রেনছনে মহাকাশ ভ্রমণ কৰিলেও তেওঁলােক মহাকাশচাৰী হিচাপে স্বীকৃত হােৱাৰ পৰা বঞ্চিত হ’ল।

বিবিচিৰ বাতৰি অনুসৰি, নিউ ফেডাৰেল এভিয়েচন এডমিনিস্ট্রেচন (এফ এ এ)ৰ নিয়ম অনুসৰি, মহাকাশচাৰী হিচাপে স্বীকৃতি লাভ কৰিবলৈ হ’লে উক্ত ব্যক্তিজন ‘ফ্লাইট ক্ৰু’ৰ অন্তর্ভুক্ত হ’ব লাগিব আৰু মহাকাশযানৰ উৰণ সুৰক্ষাত তেওঁ সক্রিয়ভাৱে অংশ ল’ব লাগিব।

এই সংজ্ঞাৰ ফলত মার্কিন চৰকাৰৰ দৃষ্টিত বেজ’ছ আৰু ব্রেনছন মহাকাশচাৰী হিচাপে স্বীকৃত নহ’ব। ২০০৪ত এফ এ এ নীতি নির্ধাৰণৰ পাছত প্রথমবাৰৰ বাবে মহাকাশচাৰীৰ সংজ্ঞা নির্ধাৰণৰ নিয়ম সলনি কৰা হ’ল।

বাণিজ্যিক মহাকাশচাৰীৰ সন্দৰ্ভত যােৱা মঙলবাৰে এফ এ এয়ে নতুন নীতি ঘােষণা কৰিছিল। উল্লেখ্য যে উক্ত দিনাই জেফ বেজ’ছে নিজৰ মহাকাশযান ব্লু অৰিজিনৰ জৰিয়তে মহাকাশলৈ সফলতাৰে ৰাওনা হৈছিল।

বেজ’ছৰ পূর্বে ১১ জুলাইত ৰিচার্ড ব্রেনছনে নিজৰ মহাকাশ যানৰে সফলতাৰে মহাকাশ ভ্রমণ সম্পন্ন কৰিছিল। কিন্তু এই দুই অবুদপতিয়ে এইদৰে বাণিজ্যিক মহাকাশ যানৰ জৰিয়তে মহাকাশ ভ্ৰমণ কৰিলেও তেওঁলােকক মহাকাশচাৰীৰ স্বীকৃতিৰ পৰা বঞ্চিত কৰিলে আমেৰিকাই।

Exit mobile version