মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ য়েদুৰাপ্পাৰ

5c3fe1ba eddd 11eb 8e1b 864212280c54 1627282175735

দুবছৰ পূৰ্বে ২৬ জুলাইত মুখ্যমন্ত্ৰী পদত শপতগ্ৰহণ কৰিছিল । সোমবাৰে, এই দিনটোতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ দিলে বি এছ য়েদুৰাপ্পাই । আজি বিয়লি ১২-৩০ বজাত তেওঁ ৰাজভৱনত গৈ ৰাজ্যপাল থাৱৰ চন্দ গহলৌটক পদত্যাগ পত্ৰ দিয়ে ।

বিধানসভাৰ অধিবেশনত প্ৰাক্তন মুখ্যমন্ত্ৰী য়েদুৰাপ্পাই কয়, ‘দুপৰীয়াই পদত্যাগ কৰিছো । অটলবিহাৰী বাজপেয়ী যেতিয়া প্ৰধানমন্ত্ৰী আছিল, তেওঁ মোক কেন্দ্ৰৰ মন্ত্ৰী হ’বৰ বাবে অনুৰোধ কৰিছিল । কিন্তু ম‌ই কৰ্ণাটক এৰি যাব নিবিচাৰো । ম‌ইয়ো কঠিন পৰিস্থিতিৰ মাজেৰে যাবলগীয়া হৈছে । বিশেষকৈ এই ক’ভিডৰ দুবছৰ ।’

য়েদুৰাপ্পাই মুখ্যমন্ত্ৰী পদত থকাটো উচিত হয় নে নহয় তাক লৈ বহুদিন ধৰি জল্পনা-কল্পনা চলি আছিল । কিছুদিন পূৰ্বে দিল্লীত গৈ তেওঁৰ প্ৰধানমন্ত্ৰীৰ স’তে হোৱা সাক্ষাৎকাৰে এই জল্পনাক অধিক জুৰুলা কৰি তোলে । এই বিষয়ত যোৱা বৃহস্পতিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, ‘মোক এতিয়াও পদত্যাগ কৰিবলৈ কোৱা নাই । কিন্তু ২৬ জুলাইৰ পাছত বিজেপিৰ সৰ্ব্বভাৰতীয় সভাপতি জে পি নড্ডাই যি সিদ্ধান্ত লয়, তাকে মানি ল’ম ।’

Exit mobile version