শালবাৰীত ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ ছাত্ৰনেতা

এবিএমছুৰ সভাপতিক জেল হাজোতলৈ প্ৰেৰণ

WhatsApp Image 2021 07 26 at 6.10.24 PM

এক পুৰণি গোচৰৰ ভিত্তি কৰি বাগসাৰ লাৱদাংগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰিছে এজন ছাত্ৰনেতা৷ছাত্ৰনেতাজন হৈছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি স্বাইজুদ্দিন খণ্ডকাৰ ৷

আৰক্ষীসূত্ৰে জানিব পৰা মতে, প্ৰায় এবছৰ পূৰ্বে বাগসাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত লাৱদাংগুৰিত এখন জুৱা খেলক লৈ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল আৰু সিদিনাই মাৰপিটৰ পাছতেই এক ধৰ্ষণ কাণ্ডও সংঘটিত হৈছিল ৷

য’ত সাঙুৰ খাই পৰিছিল এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি স্বাইজুদ্দিন খণ্ডকাৰৰ নামো ৷ স্বাইজুদ্দিন খণ্ডকাৰৰ লগতে আন সাত জনৰ বিৰুদ্ধে সেই সময়তেই ভুক্তভোগীৰ ফালৰপৰা এজাহাৰ দাখিল কৰা হৈছিল আৰু এবছৰ পাছত আদালতৰ নিৰ্দেশ মৰ্মে আজি পুৱতিনিশা আটক কৰা হয় ছাত্ৰ সংগঠনটোৰ নেতা জনক ৷

ইতিমধ্যে গোৱৰ্ধনা আৰক্ষী থানাত ৰুজু হোৱা ৮/২০ নং গোচৰৰ ভিত্তিত আৰক্ষীয়ে ছাত্ৰনেতা জনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

Exit mobile version