২৭ জুলাইত ভাৰতলৈ আহিব মার্কিন বৈদেশিক মন্ত্রী ব্লিংকন

Secretary Blinkens Official Department Photo

আমেৰিকাৰ বৈদেশিক মন্ত্রী এন্টনী ব্লিংকন অহা ২৭ জুলাইত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। ব্লিংকনে ভাৰত ভ্ৰমণৰ সময়ত চলিত বৰ্ষৰ অন্তিমভাগত অনুষ্ঠিত হ’ব লগা কোৱাড গােষ্ঠীৰ ৱাশ্বিংটন বৈঠকৰ সন্দৰ্ভত ভাৰতীয় নেতৃত্বৰ স’তে আলােচনাত অংশ ল’ব।

কোৱাডত ভাৰত, জাপান, অষ্ট্রেলিয়া আৰু আমেৰিকা সদস্য হিচাপে আছে। ব্লিংকনে ২৭ আৰু ২৮ জুলাইত ভাৰতত থাকিব আৰু মার্কিন বৈদেশিক মন্ত্রীজনে তেওঁৰ ভ্ৰমণ কালত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী, বৈদেশিক মন্ত্রী এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডােভালক সাক্ষাৎ কৰিব।

Exit mobile version