গোসাঁইগাঁৱৰ গোকুলকাটা পথ নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি : ক্ষোভিত স্থানীয় ৰাইজ

WhatsApp Image 2021 07 27 at 5.48.38 PM

বিজেপি ইউ পি পি এল নেতৃত্বাধীন বিটিচি চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই শূণ্য সহণশীলতাৰ কথা নকওক কিয় একাংশ ঠিকাদাৰে চৰকাৰৰ আদর্শক ভেঙুচালি কৰি চৰকাৰী পুঁজি লুণ্ঠন কাৰ্য্য আব্যাহত ৰাখিছে‌ । ইয়াৰ এক প্ৰমাণ হৈছে কোকৰাঝাৰ জিলাৰ কঁচুগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত গোকুলকাটাৰ পৰা দাৱাগুৰিলৈ যোৱা চি চি ব্লকৰ পথ নিৰ্মান কাৰ্য ।

বিটিচি চৰকাৰে ই এম পুঁজিৰ জৰিয়তে অৱন্টন দিয়া দুই কৌটি ৩৬ লাখ টকাৰ প্ৰায় তিনি কিঃমিঃ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত ব্যাপক লুণ্ঠনৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বিগত ১৫ বছৰ আগতে বিপিএফ চৰকাৰে পকীকৰণ কৰা ব্লেক টোকিং জে চি বিৰ দ্বাৰা উঠাই পথখনত পুনৰ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । নীৰৱতা অৱলম্বন অভিযন্তাৰ।

উক্ত পথ নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা অভিযন্তাৰ অনুপস্থিতিত অনিয়মেৰে অতি ন্যূনতম পৰ্য্যায়ৰ কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এই ক্ষেত্ৰত প্ৰমোদ বড়োৰ নেতৃত্বাধীন চৰকাৰখনে কি ব্যৱস্থা লয় এয়া হ’ব অতিকৈ লক্ষণীয় ।

Exit mobile version