থেলাসেমিয়া ৰোগত আক্ৰান্ত শালবাৰীৰ এটি ছবছৰীয়া শিশু

চিকিৎসাৰ সাহায্য বিচাৰি আবেদন পৰিয়ালৰ

WhatsApp Image 2021 07 27 at 5.48.59 PM

বাগসাৰ শালবাৰীৰ এটি কণমানি শিশু ৷ শালবাৰীৰ আনন্দ বজাৰ লচিমাটাৰীৰ অনুকূল বৰ্মন আৰু পূৰ্ণিমা বৰ্মনৰ পুত্ৰ অৰ্জুন বৰ্মন নামৰ কণমানি ছয় বছৰীয়া শিশুটি থেলাসেমিয়া নামৰ এক জটিল ৰোগত আক্ৰান্ত ৷

পৰিয়ালৰ লোকে নিজৰ গাঠিৰ ধন ভাঙি শিশুটো সুস্থ হৈ উঠক বুলি বিভিন্ন চিকিৎসালয়ত চিকিৎসা আগবঢ়াই আহিছে যদিও এতিয়া চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰি উপায়ন্তৰ হৈ পৰিছে শিশুটিৰ পৰিয়ালটো ৷

পৰিয়ালটোৰ মুৰব্বী শিশুটোৰ দেউতাক অনুকূল বৰ্মন কৰ্মসূত্ৰে বহিঃৰাজ্য কেৰেলাৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰি পুত্ৰৰ চিকিৎসাৰ বাবে পৰাখিনি অৰ্থ সংগ্ৰহ কৰাৰ বিপৰীতে মাতৃ পূৰ্ণিমা বৰ্মনে খুজিমাগি,হাজিৰা কৰি, আনৰ ঘৰৰ পথাৰত ভূই ৰুই পোৱা অলপ অচৰপ টকাৰেই পুত্ৰৰ যি পাৰে চিকিৎসা কৰি গৈছে যদিও শিশুটোৰ চিকিৎসাৰ বাবে এতিয়া পৰিয়ালটোৰ বাবে প্ৰয়োজন ব্যয়বহুল ধনৰ ৷

বিগত দুই তিনিবছৰ ধৰি পৰিয়ালৰ লোকে শিশুটিৰ পাৰ্যমানে চিকিৎসা কৰি আহিছিল যদিও চিকিৎসকে পৰামৰ্শ দিছিল শিশুটিৰ দেহত প্ৰতিমাহে তেজৰ যোগান ধৰিবলৈ৷কিন্তু এসাজ খালে এসাজ খাবলৈ চিন্তা কৰিবলগীয়া হোৱা পৰিয়ালটোৱে আজি কেবামাহ ধৰি আৰ্থিক দৈন্যতাৰ বাবে শিশুটিক যোগান ধৰিব পৰা নাই তেজৰ৷যাৰবাবে এতিয়া শিশুটিৰ দেহৰ বৰণত পৰিস্ফুট হৈ উঠিছে তেজৰ অভাৱৰ লক্ষণ ৷

কোনো সদাশয় লোকৰ লগতে চৰকাৰলৈ দুখীয়া নিছলা পৰিয়ালটোৰ আহ্বান অলপ সহায় কৰি শিশুটিক যেন সুস্থ কৰি তোলে ৷ এইক্ষেত্ৰত কোনোৱে শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে শিশুটিৰ মাতৃ পূৰ্ণিমা বৰ্মনৰ বেংক একাউণ্ট নম্বৰ 7098029003142, IFSC কোড UTBI0RRBAGB নম্বৰৰ জৰিয়তে ধন আদায় দিয়াৰ উপৰিও 9394869772 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি পৰিয়ালটোৱে জানিবলৈ দিছে ৷

Exit mobile version