কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষা খণ্ডৰ অধীন হাতাছাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নগেন্দ্ৰ ৰায়ে ১৯৮০ৰ পৰা শিক্ষকতা কৰে । বিনা বেতনে ৪২ বছৰ শিক্ষকতা কৰি এমাহৰ দৰমহা লাভ কৰি অৱসৰ গ্ৰহণ কৰে । কালি অৱসৰপ্ৰাপ্ত শিক্ষকজনক গাঁওবাসীয়ে বিদায় সম্বৰ্ধনা জনায় ।
উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে স্বামী যোগানন্দগিৰি মহা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: পৰেশ চন্দ্ৰ ৰায়, দিজেন্দ্ৰ নাথ বৰ্মন, নজেন নাথ, মনোৰঞ্জন সিংহ আদিয়ে । স্থানীয় সমাজ সেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক ধীৰেন্দ্ৰ নাথ বৰ্মনৰ পৌৰহিত্যত অনুষ্ঠিত সম্বৰ্ধনা জ্ঞাপন সভাত অৱসৰপ্ৰাপ্ত শিক্ষকজনক ফুলাম গামোচা, ধৰ্মীয় গ্ৰন্থ, ছাতি, বস্ত্ৰ আৰু শৰাই আদিৰে বিদায় সম্বৰ্ধনা জনায় ।