সাপকাটা আৰক্ষীৰ অভিযানত ন টা দেশী জাতৰ গৰু জব্দ

WhatsApp Image 2021 07 27 at 5.48.40 PM

ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ। গোসাইগাঁও মহকুমাৰ সাপকাটা আৰক্ষী চকীৰ এক নম্বৰ পলাশগুৰি গাঁৱত সোমবাৰে বিয়লি পাঁচ বজাত সাপকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মজিবৰ ৰহমানে অভিযান চলাই ন টা দেশী জাতৰ গৰু জব্দ কৰে।

পশ্চিমবংগৰ পৰা গোপনে অনা গৰুসমূহৰ এতিয়ালৈকে কোনো নথি পত্ৰ পোৱা নাই। তথ্য অনুসৰি গোসাইগাঁৱৰ এক নম্বৰ পলাশগুৰি গাঁৱত এটা দুষ্ট চক্ৰই পশ্চিমবংগৰ পৰা অনা দেশী জাতৰ গৰুসমূহ গোপনে লৈ অনাৰ খবৰ পাই সাপকাটা আৰক্ষীয়ে অভিযান চলাই গৰুসমূহ জব্দ কৰিবলৈ সক্ষম হয় যদিও কোনো লোকক আটক কৰিব পৰা নাই।

উক্ত গৰুসমূহৰ এতিয়ালৈকে কোনো পোৱা নাই তথ্য। আৰক্ষীয়ে প্ৰকাশ কৰামতে গৰুসমূহৰ বজাৰ মূল্য ডেৰ লক্ষাধিক টকা হ’ব। গৰুসমূহ আৰক্ষীয়ে পশু স্বাস্থ্য বিভাগৰ দ্বাৰা পৰীক্ষা কৰি শিমুলটাপু খোৱাৰত দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।

Exit mobile version