ৰাজ্যত পুনৰ হস্তী মানুহৰ সংঘাত ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এজাক বন্যহস্তীয়ে যোৱা নিশা বাগসাৰ খাৰিজা বিজনীৰ লাৱদাংগুৰি পথাৰত ভাঙিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ৷
কোনোমতেহে প্ৰাণ ৰক্ষা কৰি পলাই সাৰিবলৈ সক্ষম হয় পৰিয়ালকেইটা ৷ বন্যহস্তীৰ জাকটোৱে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান,অন্যান্য খাদ্য খাই তহিলং কৰাৰ উপৰি এটি পশুধনো নিধন কৰে ৷
এইফালে মৃত পশুধন তথা ছাগলীটোৰ পোৱালিয়ে মৃত অৱস্থাতো মাতৃৰ দুগ্ধপান কৰা দৃশ্যই মৰ্মাহত কৰে বন্যহস্তীৰ উপদ্ৰৱৰ খবৰ ল’বলৈ যোৱা উপস্থিত লোকসকলক ৷
উল্লেখ্য যে খাদ্যৰ সন্ধানত প্ৰায়েই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহে বন্যহস্তী৷যাৰ বাবে প্ৰায় প্ৰতি নিশা ভয় আতংকৰ মাজেৰে পাৰ কৰিবলগীয়াত পৰে মানাহৰ সীমান্তৱৰ্তী লাৱদাংগুৰি,কাহিতামাকে ধৰি বহুকেইখন গাঁৱৰ ৰাইজ ৷
হস্তী মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালক উচিত ক্ষতিপুৰণ দিবলৈ বন বিভাগক দাবী জনায় ভুক্তভোগী পৰিয়াল কেইটাৰ লগতে স্থানীয় ৰাইজে ৷