ছয় জামাতুল মুজাহিদীন বাংলাদেশৰ সদস্যক দোষী সাব্যস্ত এন আই এৰ আদালতৰ

ISIS NIA

বাংলাদেশত মূল ঘাটি থকা জেহাদী সংগঠন জামাতুল মুজাহিদীন বাংলাদেশ (জে এম বি)ৰ লগত জড়িত হৈ অসমত জেহাদ চলোৱাৰ অপৰাধত ছজন লোকক আজি গুৱাহাটীস্থিত এন আই এৰ আদালতে দোষী সাব্যস্ত কৰে ।

এই লোককেইজনেই আৰু হাফিজুৰ ৰহমান, ইয়াকুব আলী, চৰিফুল ইছলাম, মুস্তাফুৰ ৰহমান, হাফিজ ছফিকুৰ ইছলাম আৰু আজাৰুদ্দিন আহমেদ । বিগত ২০১৯ত এই লোককেইজনক বৰপেটাৰ বিভিন্ন স্থানৰ পৰা এন আই এই গ্ৰেপ্তাৰ কৰিছিল ।

জে এম বিৰ শীৰ্ষ নেতা বৰপেটাৰ চতলা গাঁৱৰ ধৃত শ্বাহানুৰ আলমৰ লগত এই ছজন লোকৰ ঘনিষ্ঠতাৰ তথ্য‌ও প্ৰমাণিত হৈছে । দোষী সাব্যস্ত হোৱা হাফিজুৰ ৰহমানৰ পৰা এন আই এই এটি হস্তনিৰ্মিত পিষ্টলৰ লগতে গুলিও উদ্ধাৰ কৰিছিল ।

সেয়েহে হাফিজুলক অস্ত্ৰ-শস্ত্ৰ আইনৰ অধীনথো শাস্তি বিহা হয় । আন কেইজনক দুবছৰকৈ কাৰাদণ্ড বিহে এন আই এৰ আদালতে । হাফিজুৰক কাৰাদণ্ড বিহা হৈছে জৰিমনাসহ দুবছৰ পাঁচ মাহ ।

Exit mobile version