টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত আৰু এগৰাকী ভাৰতীয় বক্সাৰ

টকিঅ’ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ পূজা ৰাণীৰ । পূজাই ৭৫ কেজি শাখাত জয় লাভ কৰে ।

বুধবাৰে আলজেৰিয়াৰ ইচৰাক কাইবক পৰাস্ত কৰে পূজাই । তেওঁ ৫-০ ব্যৱধানত জয়ী হয় । কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিৱানৰ বিৰুদ্ধে খেলিব পূজাই । শনিবাৰে অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেল ।

চলিত বৰ্ষতে প্ৰথমবাৰ অলিম্পিকত খেলিবৰ বাবে যোগ্যতা অৰ্জন কৰে পূজাই । তেওঁ এছিয়ান অলিম্পিকত সোণৰ পদক লাভ কৰিছিল ।

Exit mobile version