ভাৰতীয়মূলৰ ব্রিটিছ ঔপন্যাসিক সঞ্জীৱৰ উপন্যাস বুকাৰৰ বাবে মনােনীত

image courtsunjeev sahota was also 2015 booker prize nominee for the year of the runaways image courtesy www penguinrandomhouse comesy www penguinrandomhouse com

ভাৰতীয়মূলৰ ব্রিটিছ ঔপন্যাসিক সঞ্জীৱ চহোটাৰ উপন্যাস ‘চাইনা ৰূম’ ২০২১ৰ বুকাৰ বঁটাৰ মনােনয়ন তালিকাত অন্তর্ভুক্ত হ’ল। এইবাৰৰ বুকাৰ বঁটাৰ মনােনয়ন তালিকাত মুঠ ১৩খন উপন্যাস অন্তর্ভুক্ত হৈছে।

ন’বেল বঁটা বিজয়ী কাজু ইছিগুৰু আৰু পুলিজাৰ বঁটা বিজয়ী ৰিচাৰ্ড পার্ক্সৰ উপন্যাসাে এইবাৰৰ বুকাৰৰ মনােনয়ন তালিকাত আছে। ৪০ বছৰ বয়সীয়া সঞ্জীৱৰ পিতৃ আৰু আইতাকে ১৯৬০ত পঞ্জাৱ ত্যাগ কৰি ব্রিটেইনলৈ বসবাসৰ বাবে আহিছিল।

২০১৫ সঞ্জীৱৰ আন এখন উপন্যাস ‘দ্য ইয়েৰ অৱ ৰাণৱেজ’ বুকাৰ বঁটাৰ মনােনয়ন তালিকাত অন্তর্ভুক্ত হৈছিল। ২০১৭ তেওঁ সাহিত্য ক্ষেত্ৰত ইউৰােপীয় সংঘৰ বঁটা লাভ কৰিছিল। অহা তিনি নৱেম্বৰত চলিত বৰ্ষৰ বুকাৰ বঁটাৰ বিজয়ীৰ নাম ঘােষণা কৰা হ’ব।

Exit mobile version