প্ৰি-কোৱাৰ্টাৰতে অলিম্পিকৰ পৰা বিদায় মেৰী কমৰ

MARY KOM

টকিঅ’ অলিম্পিকৰ পৰা বিদায় ল’লে এম চি মেৰী কমে । আজি তেওঁ ৫১ কেজি শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত কলম্বিয়াৰ ইংগ্ৰিট ভেলেন্সিয়াৰ দ্বাৰা পৰাজিত হয় ।

আজিৰ খেলখনত প্ৰথম ৰাউণ্ডত জয়ী হয় ইংগ্ৰিট । দ্বিতীয় ৰাউণ্ডত জয়ী হয় মেৰী কম । অৱশেষত মেৰী কমে ২:৩ ব্যৱধানত পৰাজিত হয় । যোৱাবাৰৰ অলিম্পিকত ব্ৰঞ্জ লাভ কৰিছিল মেৰী কমৰ প্ৰতিপক্ষ‌ই ।

মেৰীয়ে লণ্ডন অলিম্পিকত ব্ৰঞ্জ জয় কৰিছিল । ইয়াৰ উপৰি বিশ্ব চেম্পিয়নশ্বিপত আৰু দুটি পদক আছে তেওঁৰ ।

এছিয়ান আৰু কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰিছিল ভাৰতীয় খেলুৱৈগৰাকীয়ে । পদ্মবিভূষণ, পদ্মভূষণ, পদ্মশ্ৰী আৰু ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰসহ বহু পুৰস্কাৰ লাভ কৰিছে মেৰীয়ে । সম্প্ৰতি তেওঁ ৰাজ্যসভাৰ সাংসদ ।

Exit mobile version