জনীয়া সমষ্টিৰ কলগাছিয়াৰ আমগুৰি আৰু শওপুৰ গাঁৱত বেঁকী নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
ADVERTISEMENT
ইতিমধ্যে বেঁকী নৈৰ খহনীয়াৰ বাতৰি ধাৰাবাহিকভাৱে বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰিত হোৱাৰ পাছত আজি বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখমী দত্ত আৰু কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱাই উক্ত খহনীয়া অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।
উল্লেখযোগ্য যে নৈ খনৰ খহনীয়াত ইতিমধ্যে দুয়োখন গাঁৱৰ অৰ্ধশতাধিক পৰিয়ালৰ ভেটি মাটি, ৰাস্তা ঘাট, খেতি পথাৰ আদি নৈত জাহ গৈছে।
জিলা অতিৰিক্ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে উৰ্দ্ধতন কতৃপক্ষৰ লগত আলোচনা কৰি অচিৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ’ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে।