কোকৰাঝাৰ জিলাৰ অধিন দোতমা আঞ্চলিক এবছুৱে ক’ভিড প্ৰটোকল মানি জোহলাও সোমব্লা বসুমাতাৰীৰ ২৫তম স্মৃতি দিৱস পালন কৰে।
এবছুৰ দোতমা আঞ্চলিক সমিতিয়ে ৰাতিপুৱা ন বজাত এবছুৰ পতাকা অর্ধনমিত কৰি বীৰ জনৰ প্ৰতিচ্ছবিত ধূপ দ্বীপ প্ৰজ্জলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে।
আজিৰ অনুষ্ঠানত উপস্থিত থাকে দোতমা আঞ্চলিক এবছুৰ সভাপতি সঞ্জীব কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক দেডছুং ব্ৰহ্ম, দোতমা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক উৰ্ণা ব্ৰহ্ম, প্ৰাক্তন এমচিএলএ ইন্দ্রমোহন ব্ৰহ্ম, প্ৰাক্তন টিচিএলচিচি ৰ অধ্যক্ষ শংকৰলাল ব্ৰহ্ম, আৱৌফৰ সভাপতি জ্যোতিশ্বৰী ব্ৰহ্ম, দোতমা ব্লক ইউপিপিএলৰ সভাপতি ফৈলাও বসুমাতাৰী, প্ৰাক্তন বিএলটি ৰ কোকৰাঝাৰ জিলাৰ সভাপতি ৰূপম ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ দোতমা আঞ্চলিকৰ সাধাৰণ সম্পাদক নিজৌম ব্ৰহ্ম,দোতমা আঞ্চলিক এবছুৰ উপদেষ্টা গৌৰপ্থা নাৰ্জাৰীৰ লগতে অইন অইন কৰ্ম কৰ্তাসকল।
অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ আগত দোতমা আঞ্চলিক এবছুৰ সভাপতি সঞ্জীব কুমাৰ ব্ৰহ্মই কয় যে আজিৰ দিনটো সন্ত্রাস বিৰোধী দিৱস হিচাপে বিগত ২৫ বছৰ ধৰি পালন কৰি আছে।