অসম মিজোৰাম সীমান্তত যাবলৈ বাধা দিয়া হ’ল লুৰিন জ্যোতি গগৈক। সীমান্ত অঞ্চল ভ্ৰমণৰ অনুমতি স্বত্বেও শিলচৰৰ হোটেলৰ পৰা ওলাই যাবলৈ বাধা দিয়ে কাছাৰ আৰক্ষী ।
জিলা উপায়ুক্তৰ অনুমতি থাকিলেও মিজোৰাম সীমান্তত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিলে কাছাৰ আৰক্ষীয়ে ।
প্ৰথমে শিলচৰ আৰু তাৰ পাছত ধলাইৰ পৰা ঘূৰাই পঠিয়ায় লুৰিন জ্যোতি গগৈক। ইয়াৰ পাছত গগৈ কাবুগঞ্জৰ মাজমুল হক লস্কৰৰ ঘৰত উপস্থিত হয় আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ইয়াৰ পাছতে লুৰিন জ্যোতি গগৈয়ে সাংবাদিকক সাক্ষাৎ কৰি তীব্ৰ অসন্তোষ ব্যক্ত কৰে। সাংবাদিকৰ আগত তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে ক’লে অসমত এক ইঞ্চিও মাটি আন কোনো ৰাজ্যক নিদিম। কিন্তু বাস্তৱত দেখা গৈছে ভিন্ন চিত্ৰ। মুখ্যমন্ত্ৰীয়ে ৰাতিপুৱা এটা কথা কয় আৰু দুপৰীয়া আন এটা কথা ।
বৰ্তমান, আবোলে টাবোলৰ কথা কৈ আছে। গুৱাহাটীৰ অনুমতি স্বত্বেও শিলচৰৰ পৰা মিজোৰাম সীমান্তত যাবলৈ অনুমতি দিয়া নহ’ল। জিলা উপায়ুক্তৰ নিজেই অনুমতি দিছে। কিন্তু আৰক্ষীয়ে যোৱাত বাধা দি আছে। ৰাজ্যখনত চৰকাৰ চলি আছে নেকি ?
ইপিনে মিজোৰামে চাৰিখন গাওঁ আৰু দুখন বিদ্যালয়কে ধৰি বিভিন্ন স্থান দখল কৰিছে , যিবোৰ ৰাজ্যবাসীৰ আগত প্ৰকাশ হোৱাটো প্ৰতিহত কৰিবলৈ চৰকাৰে এইবোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে ? লুৰিণজ্যোতি গগৈয়ে কাবুগঞ্জ অঞ্চলত উপস্থিত হয় আৰু ৰাজ্য প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।