★বকুল গছৰ শুকান ফুল যিমান পাৰি সিমানেই ভিতৰল উশাহতো টানিব গোন্ধ লব লাগে । এনে কৰিলে মূৰৰ বিষৰ পৰা উপশম পোৱা যায় ।
★বকুলৰ গুটি পিহি নাকেৰে শুঙিলেও মূৰ বিষৰ পৰা হাত সাৰিব পাৰি ।
★দুৰুণৰ গছৰ পাত ছয় / সাত খিলা মান ভালদৰে পিহি লৈ তাৰ ৰস নাকেদি দুই / তিনি টোপাল দিব লাগে । এনে কৰিলে মূৰ বিষৰ পৰা ততালিকে আৰাম পোৱাৰ লগতে চাইনাছৰ সমস্যাৰ পৰাও মুক্ত হ’ব ।
★এৰা গছৰ শিপা থেতেলীয়াই লৈ মূৰত প্ৰলেপ দিব লাগে । ই মূৰ বিষ দুৰ কৰে ।
★অঠিয়া কলডিল জালুকৰ স’তে ভাতৰ লগত খালে মূৰ কামোৰণী অতি সোনকালে নাইকিয়া হয় ।
★শুৱাৰ সময়ত গাৰোৰ তলত পচতিয়া পাত ৰাখি শুলে মূৰৰ বিষ ভাল হয় । পচতিয়াৰ পাত ৰদত শুকুৱাই তাক হাতেৰে মোহাৰি নাকেৰে শুঙিলেও মূৰৰ বিষ নাইকিয়া হয় ।
★তিনি/চাৰি টামান লং পিহি মূৰত প্ৰলেপ দিলে মূৰ কামোৰণী ভাল হয় ।
★চাৰিটা /পাঁচটা লং পিহি এক কাপ পানীত গৰম গৰম কৰি আধা কাপ হলে তাকে খাব লাগে । এনেদৰে ৰাতিপুৱা আৰু গধূলি একেৰাহে চাৰি বা পাঁচ দিনমান খালে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি।