পুনৰ উন্মােচিত হ’ল তালিবানৰ পৈশাচিক ৰূপ। সম্পূর্ণ পৰিচয় জ্ঞাত হােৱাৰ পাছতাে ভাৰতীয় চিত্র সাংবাদিক ডানিছ ছিদ্দিকীক হত্যা কৰিছিল তালিবান সন্ত্রাসবাদীয়ে।
ADVERTISEMENT
এই চাঞ্চল্যকৰ তথ্য ৰাজহুৱা কৰিলে আমেৰিকাৰ ‘ৱাশ্বিংটন এগজামিনাৰ’ নামৰ এখন আললাচনীয়ে। এই আলােচনীত প্রকাশিত এক প্রতিবেদনত দাবী কৰা অনুসৰি, আফগান সেনা আৰু তালিবানৰ সংঘৰ্ষত চিত্র সাংবাদিক ডানিছ আহত হৈছিল আৰু তেওঁক লগে লগে চিকিৎসা প্ৰদানৰ বাবে আফগান সেনাই স্থানীয় মছজিদ এটালৈ লৈ গৈছিল।
মছজিদত ডানিছে আশ্রয় লােৱাৰ খবৰ লাভৰ পাছতে তালিবানে উক্ত স্থানত উপস্থিত হৈ আক্রমণ চলায় আৰু আহত ডানিছৰ পৰিচয় জনাৰ পাছতাে সন্ত্রাসবাদীয়ে তেওঁক গুলীয়াই চূর্ণ-বিচূর্ণ কৰিছিল। ডানিছৰ লগত থকা আফগান সেনাকো তালিবানে একেদৰে হত্যা কৰিছিল।