বগা নিমখৰ সলনি কলা নিমখ খোৱাৰ অভ্যাস গঢ়ি তোলক,পাব বিভিন্ন ৰোগৰ পৰা মুক্তি

h65cif3 black salt for

সকলো ঘৰতে স্বাভাৱিক নিমখ ব্যৱহাৰ কৰা হয়, খুব কম লোকেই ক’লা নিমখ ব্যৱহাৰ কৰে । কিন্তু আপুনি জানেনে কলা নিমখ খোৱাৰ অভ্যাসে আপোনাৰ শৰীৰৰ কিমানটা ৰোগ অজ্ঞাতে নিৰাময় কৰিব? আয়ুৰ্বেদিক বিশেষজ্ঞৰ মতে ক’লা নিমখে বহুতো মাৰাত্মক ৰোগৰ পৰা সকাহ দিব পাৰে। কলা নিমখে ওকালি অহা, এচিডিটি বা কোষ্ঠকাঠিন্যৰ দৰে সমস্যা সহজে নাইকিয়া কৰে।

আয়ুৰ্বেদ চিকিৎসকে জনাইছে

প্ৰখ্যাত আয়ুৰ্বেদ চিকিৎসক আব্ৰাৰ মুলতানিৰ মতে, ক’লা নিমখে গেছৰ সমস্যা দূৰ কৰে। ই কলেষ্টেৰল, ডায়েবেটিচ, হতাশা আৰু পেটৰ বহুতো সমস্যা দূৰ কৰিবলৈও সক্ষম। প্ৰত্যেক ৰাতিপুৱা গৰম পানীত ক’লা নিমখ মিহলি কৰি খালে আপোনাৰ শৰীৰ সুস্থ হৈ থাকিব।

ক’লা নিমখৰ উপকাৰিতা

ক’লা নিমখ ওজন হ্ৰাস কৰাত সহায়ক। ইয়াত থকা খনিজ পদাৰ্থবোৰেও বেক্টেৰিয়া-ৰোধী হিচাপে কাম কৰে। ই শৰীৰত থকা বিপদজনক বেক্টেৰিয়া আঁতৰ কৰে। ক’লা নিমখত ছডিয়াম বেছি থাকে। শৰীৰটো সতেজ ৰখাত সহায় কৰে কলা নিমখে ।

ক’লা নিমখে হজম উন্নত কৰে আৰু শৰীৰৰ কোষবোৰক পুষ্টি প্ৰদান কৰে, যি মেদবহুলতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কলা নিমখ বহুতো পুষ্টি আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। যদি নিয়মীয়াকৈ খোৱা হয়, শৰীৰৰ হাড়বোৰ শক্তিশালী হ’ব

ডায়েবেটিচ ৰোগীসকলে বগা নিমখৰ সলনি অধিককৈ কলা নিমখ খাব লাগে। কলা নিমখে শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে।

Exit mobile version