বিজ্ঞাপনত অংশ লৈ নতুন চেহেৰাত আত্মপ্রকাশ ধােনি

gs2djea8 ms dhoni new look

জনপ্রিয় ক্রিকেট খেলুৱৈ মহেন্দ্র সিং ধােনিয়ে এইবাৰ নতুন চেহেৰাত আত্মপ্রকাশ কৰিলে। হেয়াৰ ড্রেছাৰ আলিম হাকিম হাতৰ যাদুত নতুন ৰূপ লাভ কৰিলে ‘মাহি’খ্যাত ধােনিয়ে।

‘ফক্স হক কাট’ৰ লগতে দাড়িতে নতুন শৈলীৰ সংযােজন ঘটালে ধােনিয়ে। কিছুদিন পূর্বে ভাৰতীয় ক্রিকেট দলৰ জাছি পৰিধান কৰি ধােনিয়ে এক বিজ্ঞাপনৰ দৃশ্যগ্রহণত অংশ লােৱা প্রত্যক্ষ হৈছিল।

পৰিচালিকা ফাৰহা খানৰ স’তে দৃশ্যগ্রহণত উপস্থিত আছিল ভাৰতৰ ক্রিকেট দলৰ প্রাক্তন অধিনায়কজন। বলিউডৰ পৰিচালক ফাৰহা ধােনিৰ এগৰাকী অন্যতম অনুৰাগী হিচাপে পৰিচিত।

দীর্ঘদিন বিৰতিৰ পাছত ধােনিয়ে নিজৰ চেহেৰা সলনি কৰিলে। জানিব পৰা অনুসৰি, ফাৰহাই তৈয়াৰ কৰা এক বিজ্ঞাপন চিত্ৰত ধােনিয়ে অংশ লৈছিল।

এই বিজ্ঞাপন চিত্ৰৰ বাবেই নিজৰ কেশবিন্যাসৰ লগতে গোঁফবিন্যাসাে সলনি কৰিলে ভাৰতীয় ক্রিকেট দলৰ প্রাক্তন অধিনায়কজনে। ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে ধােনিৰ এই নতুন চেহেৰাৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে।

আসন্ন আই পি এলত ধােনিয়ে চেন্নাই ছুপাৰ কিংছৰ হৈ অংশ ল’ব। আই পি এলত ধােনিৰ দলটো যথেষ্ট সুৰক্ষিত স্থানত আছে। আই পি এলৰ পূর্বে হঠাতে নতুন ৰূপত এইদৰে আত্মপ্রকাশ কৰিলে জনপ্রিয় ক্রিকেট খেলুৱৈজনে।

উল্লেখ্য যে নিজৰ চেহেৰাৰে ধােনিয়ে এয়ে প্রথমবাৰ অনুৰাগীক চমক দিয়া নাই। ভাৰতীয় ক্রিকেটত এজন পাৰদৰ্শী খেলুৱৈ হিচাপে আত্মপ্রকাশ কৰাৰ পাছৰে পৰা ধােনিয়ে সময়ে সময়ে এইদৰে ৰূপ সলনিৰে অনুৰাগীৰ দৃষ্টি আকর্ষিত কৰি আহিছে।

এসময়ত ধােনিৰ দীঘল কেশসজ্জাই দেশৰ যুৱ প্ৰজন্মক বিশেষভাৱে আকর্ষিত কৰিছিল।

Exit mobile version