কোকৰাঝাৰ জিলাৰ অধীন শক্তি আশ্ৰম উচ্চতৰ মাধ্যমিক আৰু কাৰিকৰী বিদ্যালয়ৰ একাংশ ছাত্ৰই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা ফলাফল পোৱাত আজি উত্তাল কৰি তোলে বিদ্যালয় চৌহদ । কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পাছত বিদ্যালয়খনৰ একাংশ শিক্ষাৰ্থী আজি বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ অধ্যক্ষ মনিন্দ্ৰ দাসক ঘেৰাও কৰে আৰু পৰীক্ষা নতুনকৈ অনুষ্ঠিত কৰাৰ দাবী জনায় । অন্যথা সকলোকে উত্তীৰ্ন কৰাৰো দাবী উত্থাপন কৰে ।
শিক্ষাৰ্থীসকলৰ উগ্ৰমূৰ্তি দেখি অধ্যক্ষ মনিন্দ্ৰ দাসে ফকিৰাগ্ৰাম থানাত খবৰ দিয়ে । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিক্ষাৰ্থীসকলক বুজনি দিয়াত শিক্ষাৰ্থীসকলে অধ্যক্ষজনক ঘৰলৈ যাব দিয়ে ।
ইপিনে শিক্ষাৰ্থীসকলে সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে বিদ্যালয়খনৰ শিক্ষকসকলৰ আত্মীয় শিক্ষাৰ্থীকহে উত্তীৰ্ন কৰা হৈছে । এইবেলি কৰ’না মহামাৰীৰ বাবে সকলোকে উত্তীৰ্ণ কৰাৰো দাবী জনাইছে শিক্ষাৰ্থীসকলে । অধ্যক্ষ মনিন্দ্ৰ দাসেও ফলাফল সম্পৰ্কে উৰ্ধতন কতৃপক্ষলৈ অৱগত কৰিব বুলি শিক্ষাৰ্থীসকলক আশ্বাস প্ৰদান কৰে ।