অসম- মিজোৰাম সীমান্তৰ উত্তেজনাৰ পৰিস্থিতিৰ উপশম ঘটিব লাগে বুলি তৎপৰ হৈছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই

2021 03 08t181512z662881831rc267m9bq0ohrtrmadp3myanmar politics india 1jpg 1014921 1627727059

অসম- মিজোৰাম সীমান্তৰ উত্তেজনাৰ পৰিস্থিতিৰ উপশম ঘটিব লাগে বুলি অৱশেষত তৎপৰ হৈছে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স’তে হােৱা এক টেলিফোনিক বাৰ্তালাপৰ পাছত জোৰামথাংগাই আজি কয় যে অসমৰ স’তে সীমান্ত সমস্যা আলােচনাৰ মাধ্যমেৰে সৌহাৰ্যপূৰ্ণভাৱে সমাধান কৰা হয়।

এক বিবৃতিত মিজোৰামৰ মুখ্যমন্ত্রীজনে কয়, কেন্দ্রীয় গৃহমন্ত্রী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ স’তে হােৱা টেলিফোনিক আলােচনাৰ পাছত অর্থৱহ আলােচনাৰ জৰিয়তে মিজোৰাম-অসমৰ সীমান্ত ইচ্ছু শান্তিপূর্ণভাৱে সমাধানৰ বাবে আমি সন্মত হৈছাে।

একেটা বিবৃতিতে তেওঁ কয়, “ইয়াৰ মাজতে পৰিস্থিতিৰ কোনাে ধৰণৰ সম্ভাৱ্য তীব্ৰত বৃদ্ধি প্রতিৰােধ কৰিবলৈ মই মিজোৰামৰ লােকক স্পর্শকাতৰ বাতা স্পষ্ট কৰাৰ পৰা আঁতৰি থাকিবলৈ আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ দূৰদৰ্শী ব্যৱহাৰৰ বাবে অনুৰােধ জনাইছাে। “

তদুপৰি অসমৰ মুখ্যমন্ত্রী ড° শৰ্মাৰ এটা টুইট জোৰামথাংগাই প্রকাশ কৰে। এই টুইটত মুখ্যমন্ত্রী ড°শর্মাই কয়, আমাৰ মূল গুৰুত্ব হৈছে উত্তৰ-পূবৰ স্পৃহাক সজীৱ কৰি ৰখা। অসম-মিজোৰাম সীমান্তত যি ঘটিল। সেয়া দুয়ােখন ৰাজ্যৰ লোকৰ বাবে গ্রহণযােগ্য নহয়। মুখ্যমন্ত্রী জোৰামথাংগাই তেওঁৰ কোৱাৰেনন্টাইনৰ সময় অন্ত পৰিলে মােক কল কৰাৰ প্রতিশ্রুতিও দিছে। সীমান্ত সমস্যা কেৱল আলােচনাৰ মাধ্যমেৰেহে সমাধান কৰিব পাৰি। অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ইতিমধ্যে মিজোৰাম আৰক্ষীয়ে দাখিল কৰা গােচৰ প্রত্যাহাৰৰ বাবে তেওঁলােক মিজোৰাম চৰকাৰ সাজু হৈছে।

ৰাজ্যখনৰ মুখ্য সচিবে এই তথ্য সদৰী কৰে। তেওঁ কয় যে এজাহাৰত অসমৰ মুখ্যমন্ত্ৰীৰ নাম অন্তর্ভুক্ত কৰাত অনুমােদন দিয়া নাই জোৰামথাংগাই। তেওঁ কয় কোনাে ধৰণৰ ন্যায়িক সমস্যা নাথাকিলে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এজাহাৰৰ পৰা প্রত্যাহাৰ কৰিব ।

সূত্ৰই প্ৰকাশ কৰে যে উত্তেজনাৰ পৰিস্থিতিৰ উপশম ঘটাবলৈ দুই ৰাজ্যৰ মাজত পুনৰ আলােচনা আৰম্ভ হৈছে। যােৱা সংঘর্ষস্থলীলৈ দুই ৰাজ্যৰ বিষয়া তথা আৰক্ষী বাহিনীক অস্ত্র-শস্ত্র কঢ়িয়াই যােৱাৰ ক্ষেত্ৰত বাৰণ কৰিছে কেন্দ্রীয় চৰকাৰে। কেন্দ্রীয় চৰকাৰে স্পষ্ট কৰি দিছে যে সংঘর্ষস্থলীলৈ দুই ৰাজ্যৰ বাহিনীক অস্ত্র-শস্ত্র কঢ়িয়াই নিবলৈ কোনাে ধৰণৰ অনুমতি দিয়া নহ’ব।

তদুপৰি জুলাইৰ জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সামগ্রী সৰবৰাহ পূৰ্বৰ দৰে সুচল কৰিবলৈ কেন্দ্রই অসম। আৰু মিজোৰামক নির্দেশ দিছে। উত্তেজনা প্রশমিত কৰাৰ পদক্ষেপৰ অংশৰূপে এইদৰে কোৱা হৈছে। ইপিনে, মিজোৰামৰ স্বাস্থ্যমন্ত্রী আৰ লাল থাংলিয়ানাই উল্লেখ্য যে লাইলাপুৰৰ সংঘর্যস্থলীত চি আৰ পি এফৰ কমেও পাঁচটা কোম্পানী নিয়ােগ কৰা হৈছে।

Exit mobile version