কাম নকৰাৰ শাস্তি, উত্তৰপ্ৰদেশত পথত জমা হৈ থকা পানীত বিজেপি বিধায়কক খোজ কঢ়ালে গাঁওবাসীয়ে

1627787739 new project 2021 08 01t084516 974

উন্নয়নৰ আশাত নিৰ্বাচনত জিকাইছিল । কিন্তু জয়ী হোৱাৰ পাছত গাঁৱলৈ উভতি নাহে বিধায়ক । বিগত চাৰি বছৰে জমা হৈ থকা পানী, নৰ্দমাৰ দৰে একাধিক সমস্যাত বিৰক্ত হৈ পৰিছে গাঁওবাসী, সেয়ে গাঁৱৰ ৰাইজে বিধায়কক এশেকা দিয়য়ে । পৰৱৰ্তী বিধানসভা নিৰ্বাচন উপলক্ষে চাৰি বছৰ পাছত নিজ কেন্দ্ৰত পদযাত্ৰা কাৰ্যসূচীত আহিছিল বিধায়ক । বিধায়কজনে পদযাত্ৰা কৰিলে নৰ্দমাৰ পানী জমা হৈ থকা পথত । বিধায়কক নকৰা কামৰ অভিজ্ঞতা কৰালে ৰাইজে ।

এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশত । বিধায়কজন বিজেপিৰ কমল সিং মালিক । পানী জমা হৈ থকা পথত খোজকাঢ়ি যোৱা তেওঁৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত দেখা গৈছে বিধায়কজনক খালি ভৰিৰে পানীৰ মাজেৰে হাতত ধৰি টানি লৈ গৈছে গাঁওবাসীয়ে । নেপথ্যত এটা কণ্ঠস্বৰ শুনা যায়, ‘চাওক বিধায়কে পানী জমা হৈ থকা পথত খোজ কাঢ়িছে । কি কৰিব ! তেওঁ ইমান দিনে অঞ্চলটোত একো কামেই কৰা নাই ।’

ভিডিঅ’ত পৰিলক্ষিত হোৱা ঘটনাটো বহু সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে সমৰ্থন জনাইছে । কোনোৱে লিখিছে, ‘এনেকোৱাই কৰিব লাগে !’ কোনোৱে কয়, ‘জনপ্ৰতিনিধিসকলৰ পৰা এনেদৰেই কামৰ হিচাপ ল’ব লাগে ।’ বিধয়কসকলে দিয়া ‘ঔষধ’ নিজেও সোৱাদ ল’ব লাগে বুলিও মন্তব্য কৰে বহুতে ।

উত্তৰপ্ৰদেশত ২০২২ৰ আৰম্ভণিতে নিৰ্বাচন অনুষ্ঠিত হ’ব । ইয়াৰ পূৰ্বে বিধায়কসকলে জিলাই জিলাই প্ৰচাৰ অভিযান চলাইছে । উত্তৰপ্ৰদেশৰ হাপুৰত গড়মুক্তেশ্বৰ অঞ্চলৰ ঢোলপুৰত নিৰ্বাচনত জয়ী হোৱাৰ পাছত এয়ে প্ৰথম গাঁও পৰিদৰ্শনত আহিল বিধায়ক কমল । সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোতে এই তথ্য প্ৰকাশ পাইছে ।

Exit mobile version