মাত্ৰ ২৫০৩ পৰীক্ষাৰ্থীহে অনুত্তীৰ্ণ

ব্যৰ্থ হোৱাসকলৰ অধিকাংশ‌ই সন্ধানহীন : শিক্ষা সংসদ

cbse class 19 boards last exam covid c590ad98 6b61 11ea 8a5c cb364e4c5304 1627699202224

ক’ভিডৰ বাবে অনুষ্ঠিত নোহোৱা তথা দশম-একাদশৰ নম্বৰ মূল্যায়নৰ জৰিয়তে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত মাত্ৰ ২৫০৩জন পৰীক্ষাৰ্থীহে অনুত্তীৰ্ণ হয় ।

উল্লেখ্য যে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তিনিটা শাখাতে মুঠ ২,৪৮,৭২৮জন শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ২,৪৬,২২৫ জন উত্তীৰ্ণ হোৱাৰ বিপৰীতে ২৫০৩জন শিক্ষাৰ্থী অনুত্তীৰ্ণ হোৱা বুলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্ৰকাশ কৰিছে ।

শিক্ষা সংসদে প্ৰকাশ কৰা তথ্য অনুসৰি, কলা শাখাত মুঠ ১,৯১,৮৫৫ জন শিক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ১,৮৯,৭৯৯ জন উত্তীৰ্ণ আৰু ২০৬২জন শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে । একেদৰে বাণিজ্যি শাখাত মুঠ ১,৮৪৪৩জন শিক্ষাৰ্থীৰ ভিতৰত ৭৯ অনুত্তীৰ্ণ হোৱাৰ সমান্তৰালভাৱে বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা মুঠ ৩৮,৪৩০জন শিক্ষাৰ্থীৰ ভিতৰত ৩৮,০৬৪ উত্তীৰ্ণ আৰু ৩৬২জন অনুত্তীৰ্ণ হৈছে ।

এই সন্দৰ্ভত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰিয়ে ‘দৈনিক অগ্ৰদূত’ক কয়, ‘ঘোষিত ফলাফলত কলা শাখাত ৯৮.৯৩ শতাংশ, বাণিজ্য শাখাত ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।’

পাটগিৰিয়ে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ সন্দৰ্ভত কয় যে যিসকল শিক্ষাৰ্থী অনুত্তীৰ্ণ হৈছে তাৰ অধিকাংশই সন্ধান নাই । এই শিক্ষাৰ্থীসকলে নিৰ্দিষ্ট সময়ত মেট্ৰিকত লাভ কৰা নম্বৰৰ তালিকা আৰু সংশ্লিষ্ট নথি জমা নিদিয়াৰ বাবেই অনুত্তীৰ্ণ হোৱাৰ মূল কাৰণ বুলি তেওঁ কয় । ইফালে, ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীয়ে বিশেষ পৰীক্ষাত অংশ ল’ব পাৰিব বুলি সচিবজনে সদৰী কৰি এই সন্দৰ্ভত পাঁচ আগষ্টৰ ভিতৰত শিক্ষা সংসদে স্থিতি স্পষ্ট কৰিব বুলি কয় ।

Exit mobile version