নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্রৰ নতুন বিল্ডিং নিৰ্মাণাৰ্থে আধাৰশিলা স্থাপন ই এম অৰূপ কুমাৰ দেৰ

WhatsApp Image 2021 08 02 at 7.42.03 PM 1

আজি ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ নিজ কাউৰবাহা(বৰঘুলি)স্থিত খণ্ড ‘প্ৰাথমিক স্বাস্থ্য কেন্দ্র’ৰ চৌহদত এক কোটি ৭৫ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া নতুন ভৱনটোৰ আধাৰশিলা স্থাপন কৰা হয়।

উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য(EM) অৰূপ কুমাৰ দে , বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, ৩০ নং গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ পবিত্ৰ কুমাৰ বড়ো, গোৰেশ্বৰৰ চক্ৰ বিষয়া কুকিলা গগৈ, স্বাস্থ্য বিভাগৰ বিষয় ববীয়াসকলৰ ললগতে বিজেপি, ইউপিপিএল, জিএছপি আদি দলৰ নেতা কৰ্মীৰ উপৰিও স্থানীয় বহুতোলোক উপস্থিত থাকে।

আজিৰ অনুষ্ঠানত উপস্থিত থাকি আধাৰশিলা স্থাপন কৰি বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ই এম অৰূপ কুমাৰ দেই ভাষন প্ৰসংগত কয় যে গৰীব দুখীয়া ৰাইজৰ বাবে প্ৰতিজন এমচিএলএ কে ১০ লাখ টকাকৈ এককালীন চিকিৎসাৰ বাবদ আৰ্থিক অনুদান আগবঢ়াব বুলি ঘোষনা কৰে। ইয়াৰ উপৰি আৰু কয় যে এবছৰৰ ভিতৰতে নিজ কাউৰবাহা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্রটোৰ নতুন গৃহ নিৰ্মাণ কৰা হব বুলিও প্ৰকাশ কৰে।

Exit mobile version