বাংলাদেশৰ শৰণাৰ্থী শিবিৰত ৰোহিংগা সন্ত্ৰাসবাদীৰ আক্ৰমণ

2 05 41 08 Rohingya 1 H@@IGHT 413 W@@IDTH 620

বাংলাদেশৰ কক্সবজাৰত থকা শৰণাৰ্থীৰ শিবিৰত আক্ৰমণ চলালে ৰোহিংগা সন্ত্ৰাসবাদীয়ে । সন্ত্ৰাসবাদীৰ গুলিত গুৰুত্বৰভাৱে আহত হ’ল এজন ৰোহিংগা শৰণাৰ্থী । তদুপৰি এজন শৰণাৰ্থীক আক্ৰমণকাৰীয়ে অপহৰণ কৰি নিয়ে ।

প্ৰশাসনৰ সূত্ৰ‌ই জনোৱা অনুসৰি, সোমবাৰে নিশা উখিয়া উপজিলাৰ ৰাজাপালং ইউনিয়নৰ কুতুপালং সাত নম্বৰ ৰোহিংগা শিবিৰৰ ডি-৯ ব্লকত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছিল ।

আধিপত্য বিস্তাৰৰ বাবে ৰোহিংগা সন্ত্ৰাসবাদীয়ে এইদৰে কক্সবজাৰত থকা শৰণাৰ্থীৰ শিবিৰত আক্ৰমণ চলোৱা বুলি সন্দেহ কৰা হৈছে । এই ঘটনাৰ পাছতে কক্সবজাৰৰ শৰণাৰ্থীৰ শিবিৰত আতংকৰ সৃষ্টি হৈছে ।

বাংলাদেশত বৰ্তমানে ১১ লাখ ৰোহিংগা শৰণাৰ্থী আছে । এইসকল শৰণাৰ্থীৰ একাংশই হাতত অস্ত্ৰ তুলি নানা কূটাঘাত সংঘটিত কৰি আহিছে ।

Exit mobile version