বিজনীৰ শিশুকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

চিৰাঙৰ বিজনীৰ শিশুকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত আজি  অনুষ্ঠিত হয় এক প্ৰতিবাদী কাৰ্যসূচী । ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক কমিটিৰ উদ্যোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীয়ে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী।
উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুঠ ৫২ জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ১৫ জন ছাত্ৰ ছাত্ৰীয়ে অনুত্তীৰ্ণ হৈছে।
কিন্তু আচৰিত ধৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে কেৱল এক নম্বৰৰ বাবে অনুত্তীৰ্ণ হৈছে। ইফালে বিজনীৰ শিশুকল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮২ জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ২৬ জন ছাত্ৰ ছাত্ৰীয়ে দুই/তিনি নম্বৰৰ বাবে অনুত্তীৰ্ণ হৈছে।
ছাত্ৰ ছাত্ৰীৰ এই সমস্যা সমূহ চেবা কৰ্তৃপক্ষই অনুধাৱন কৰি অতিশীঘ্ৰে সমাধানৰ ব্যৱস্থা কৰিবলৈ বিজনী আঞ্চলিক ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বিজনী আঞ্চলিক কমিটিয়ে দাবী জনায়। শেষত বিজনী মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ পৰীক্ষা নিয়ন্ত্ৰক সেৱালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
ADVERTISEMENT
Exit mobile version