আজি দোতমাস্থিত দোতমা উছু একাডেমিৰ প্ৰেক্ষাগৃহত লকোকৰাঝাৰ উছু এচোছিএছনৰ উদ্যোগত উছু খেল সামগ্ৰী বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়।
অনুষ্ঠানত বিটিআৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যকৰী সদস্য দাওবৈছা বড়োয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি কোকৰাঝাৰৰ ন টাকৈ উছু ক্লাৱক খেল সামগ্ৰী বিতৰণ কৰে ।
বিতৰণ অনুষ্ঠাটিৰ আত ধৰে কোকৰাঝাৰ জিলা উছু এছছিয়েছনৰ সংগঠনিক সম্পাদক জগদীশ ৰয়ে আৰু অনুষ্ঠানটিৰ সভাপতিত্ব কৰে চিএছডি যোজনাৱতী বসুমতাৰী।
উক্ত অনুষ্ঠানত উপস্থিত থাকে ডাছা ৰ সভাপতি ৰূপম ব্ৰহ্ম , শাৰিৰীক প্ৰশিক্ষক অনছুলা ব্ৰহ্ম,এবছুৰ দোতমা অঞ্চলিকৰ সভাপতি সঞ্জিৱ কুমাৰ ব্ৰহ্ম, দোতমা ইউপিপিএলৰ সভাপতি ফেইলাও বসুমতাৰী, দোতমা টিচিএলচিচিৰ সভাপতি যতিৰীন্দ্ৰ ব্ৰহ্ম আৰু কোকৰাঝাৰৰ উছু ক্লাৱ সমুহৰ সভাপতি সম্পাদকৰ লগতে খেলুৱৈ সকল ।
উক্ত অনুষ্ঠানত উপস্থিত থাকি সাংবাদিকৰ সাক্ষাৎকাৰত বিটিআৰৰ ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োয়ে কয় যে বিটিআৰত যিমানবোৰ খেলপথাৰ আছে সেইবোৰ খেলৰ বাবে উপযোগী নহয়। সেইবাবে বিটিআৰ চৰকাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয় চৰকাৰক খেলপথাৰসমুহ উন্নত কৰিবৰ বাবে পত্র প্ৰেৰণ কৰা হৈছে।